নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথমপি প্ৰাণৰক্ষা : মানাহত ডাম্পাৰে মহটিয়ালে ই-ৰিক্সাক

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ মানাহ ৰাষ্ট্ৰীয় উদ্যান-বৰপেটা ৰোড সংযোগী পথ তথা বৰপেটা জিলাৰ বৰপেটাৰোড থানাৰ অন্তৰ্গত ছাফাকামাৰত আজি এখন ই-ৰিক্সা মহটিয়াই নিয়ে এখন তীব্ৰবেগী ডাম্পাৰে। বৰপেটাৰোডত বিক্ৰীৰ বাবে পাচলি কঢ়িয়াই নিয়া ই-ৰিক্সাখন মহটিয়াই পলায়ন কৰে ডাম্পাৰখন। ডাম্পাৰখনৰ খুন্দাত গুৰুত্বৰভাৱে আহত ই ৰিক্সাচালক মিজানুৰ হকক সংকটজনক অৱস্থাত বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজ-আৰক্ষীয়ে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰপেটাৰোডৰ পৰা তীব্ৰ বেগেৰে আহি ইৰিক্সাত খুন্দা মাৰি পলায়ন কৰে ডাম্পাৰখনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰে পলায়ন কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ মুখ্য পথত আবদ্ধ কৰে আন কেইবাখনো ডাম্পাৰ ৷ দীৰ্ঘদিন ধৰি ডাম্পাৰৰ দৌৰাত্ম্যই সাধাৰণ পথচাৰীক অতিষ্ঠ কৰি অহাৰ অভিযোগ তুলি আৰক্ষী তথা জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় স্থানীয় ৰাইজে। উল্লেখ্য যে নামনি অসমৰ গুৰুত্বপূৰ্ণ বানিজ্যিক কেন্দ্ৰস্থল বৰপেটাৰোডলৈ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকে অহা যোৱা কৰা গুৰুত্বপূৰ্ণ পথছোৱাৰে পুৱাৰ পৰা ৰাতিলৈকে বেঁকী নৈৰ শিল বালি সৰবৰাহ কৰে ডাম্পাৰেৰে। যিসমূহ ডাম্পাৰৰ খুন্দাত ইতিমধ্যে মৃত্যুমুখত বহু লোক।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like