🔹 ত্ৰিশজনীয়া সাংবাদিকৰ দলৰ ২০ কিলোমিটাৰ পদযাত্ৰাৰে ট্ৰেকিং-নৈশ যাপন
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : গ্ৰাম্য সাংবাদিক কল্যাণ ন্যাস, গোৰেশ্বৰৰ উদ্যোগত ১৭ আৰু ১৮ মাৰ্চত দুদিনীয়াকৈ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত ক্ষেত্ৰ পৰিদৰ্শন কৰে ৷ সংগঠনটোৰ মুখ্য সংগঠক বাবু ৰাভা হাকাচাম আৰু মলয় কুমাৰ ডেকাৰ নেতৃত্বত প্ৰায় ত্ৰিশজনীয়া এটি সাংবাদিকৰ দলে ২০ কিলোমিটাৰ পদযাত্ৰা কৰি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত উপস্থিত হয় ৷ আবেলি তামুলপুৰ জিলাৰ বাঙালীপাৰাত পতাকা জোকাৰি পদযাত্ৰাৰ আৰম্ভণি কৰে বিটিচিৰ কাৰ্যবাহী পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰীয়ে ৷ বৰনদীত উপস্থিত হৈ সাংবাদিকৰ দলটোৱে অভয়াৰণ্যখনৰ অন্তৰ্ভাগত জীৱ-জন্তুৰ উপস্থিতি, সংখ্যা আৰু গতিবিধি সম্পৰ্কে বন বিষয়া আৰু বনকৰ্মীসকলৰ পৰা বুজ লয় । নিশাটো অভয়াৰণ্যখনৰ অতিথিশালাত কটাই সোমবাৰে পুৱা বৰনদী অভয়াৰণ্যৰ মাজেৰে পদযাত্ৰা কৰি বগামাটিত উপস্থিত হয় সাংবাদিকৰ দলটো ।
পুৱা পতাকা জোকাৰি দ্বিতীয় দিনাৰ পদযাত্ৰাৰ শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তীয়ে ৷ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কাৰ্যবাহী সদস্য সঞ্জিত তান্তীয়ে বন্য জীৱৰ ওপৰত মানুহৰ অত্যাচাৰ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি বন্যজীৱ আৰু মানুহৰ মাজত বন্ধুত্বমূলক সম্পৰ্ক বৃদ্ধিৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায়৷ বিশেষকৈ অঞ্চলটোৰ হাতী-মানুহৰ সংঘাতৰ বাবে মূলত: মানুহেই জগৰীয়া বুলি দাবী কৰি সঞ্জিত তান্তীয়ে দিনৰ ভাগত চাহ বাগান বা অন্য স্থানত আশ্ৰয় লৈ থকা হাতীৰ জাকক শিল দলিয়াই বা হুলস্থূল কৰি আমনি কৰাৰ বাবেই ৰাতি মানুহৰ মাজত সন্ত্ৰাস সৃষ্টি কৰে বুলি কয় ৷ সকলোকে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ কাৰ্যবাহী সদস্যগৰাকীয়ে আহ্বান জনায় ৷ কাৰ্যসূচীত ওদালগুৰি জিলা বন সংমণ্ডল বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰী আৰু বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ বন বিষয়া ৰাজেন বড়ো উপস্থিত থাকে ৷
প্ৰেৰক পৱন নাথ