নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকুমাৰী কেটৰ স্বাস্থ্যক লৈ ৰহস্য ব্রিটেইনত

🔹 প্রকাশ হোৱা ছবি–ভিডিঅ’ৰ সত্যতাক লৈ প্রশ্ন : অস্ত্রোপচাৰৰ পাছতো গুৰুতৰভাৱে অসুস্থ

বিশেষ বাৰ্তা, ২০ মার্চ : ৰাজকুমাৰী কেট মিডলটনক লৈ ব্রিটেইনত আৰম্ভ হৈছে ৰহস্য৷ ব্রিটেইনৰ জনসাধাৰণে কেট মিডলটনক যিমানেই চাব বিচাৰিছে, সিমানেই সৃষ্টি হৈছে ৰহস্য৷ ইণ্টাৰনেটত দেখিবলৈ পোৱা গৈছে কেটৰ ইখনৰ পাছত সিখন ছবি তথা ভিডিঅ’৷ কিন্তু এই ছবি বা ভিডিঅ’ বিশ্বাসযোগ্য হোৱা নাই ব্রিটেইনৰ জনসাধাৰণৰ বাবে৷ শেহতীয়াকৈ কেটৰ এখন ছবি আৰু এটা ভিডিঅ’ পোহৰলৈ আহিছে৷ ইয়াৰ ভিতৰত এখন ছবি প্রকাশ কৰা হৈছে যুৱৰাজ উইলিয়াম আৰু ৰাজকুমাৰী কেটৰ প্রাসাদ কেনছিংটন পেলেচৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা৷ সেই পোষ্টত কেটক দেখা গৈছে তেওঁৰ ৩ সন্তানৰ সৈতে এখন চকীত বহি থকা অৱস্থাত৷ ভিডিঅ’টো প্রকাশ কৰিছে ব্রিটেইনৰ সংবাদ মাধ্যম ‘ছান’–এ৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে উইলিয়ামৰ সৈতে কেটে বজাৰ কৰি আছে৷ কিন্তু এই ছবি আৰু ভিডিঅ’ৰ সত্যতাক লৈ প্রশ্ণ তুলিছে ব্রিটেইনৰ সাধাৰণ মানুহে৷ কেটৰ ছবিত স্পষ্টভাৱে ফটোশ্বপৰ কাৰিকৰী কৌশল নজৰলৈ আহিছে ব্রিটেইনৰ নাগৰিকসকলৰ৷ কেটৰ জেকেটৰ চেইন ছবিত দেখা পোৱা নাই নাগৰিকসকলে৷ বহুতেই চর্চা কৰিছে যে কেটৰ এয়া প্রকৃত ছবি নহয়৷ কেটৰ সুস্থতাক লৈ প্রশ্ণ তুলিছে ব্রিটেইনৰ গৰিষ্ঠসংখ্যক নাগৰিকে৷ ব্রিটিছ নাগৰিকসকলৰ মতে কেটৰ সুস্থতাক লৈ সৃষ্টি হোৱা সংশয় দূৰ কৰিব পাৰিব মাত্র কেটে নিজেই৷ স্মর্তব্য যে শেহতীয়াকৈ কেট মিডলটনৰ এক অস্ত্রোপচাৰ হৈছে৷ বাকিংহাম ৰাজপ্রাসাদৰ তৰফৰ পৰা জনোৱা অনুসৰি, কেট সুস্থ হ’বলৈ কিছুদিন প্রয়োজন হ’ব৷ ইয়াৰ পাছত কেটক ৰাজহুৱা স্থানত দেখা নাই অনুৰাগীসকলে৷ লক্ষণীয় যে কিছুদিন পূর্বে কৃত্রিম মেধাৰ জৰিয়তে কেট আৰু তেওঁৰ সন্তানসকলৰ হুবহু নকল প্রকাশ কৰা হৈছিল ৰাজপ্রাসাদৰ পৰা৷ ইয়াৰ পাছত কেট মিডলটন গুৰুতৰভাৱে অসুস্থ হোৱা বুলি বিভিন্ন মহলত চর্চা চলিছে৷ কৃত্রিম মেধা বা এআই পদ্ধতিৰে ৰাজকুমাৰী কেট আৰু তেওঁৰ সন্তানসকলৰ হুবহু নকল প্রকাশ কৰাৰ পাছতেই বিভিন্ন মহলত বিষয়টোক লৈ সৃষ্টি হৈছিল সন্দেহ৷ এই ঘটনাক লৈ ব্রিটেইনত চর্চা আৰম্ভ হোৱাৰ পাছতে কেট মিডলটনৰ পেটৰ অস্ত্রোপচাৰ হোৱা বুলি ৰাজপ্রাসাদৰ তৰফৰ পৰা সদৰী কৰা হয়৷ গতিকে ব্রিটেইনৰ জনসাধাৰণৰ মাজত সমগ্র ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য৷

You might also like