নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইলেক্টৰেল বণ্ডৰ ১,৬০০ কোটিৰ তথ্য ৰাজহুৱা কৰক ৰাহুলে : অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ নিৰ্বাচনী বণ্ড সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাহুল গান্ধীয়ে ইয়াক আটাইতকৈ ডাঙৰ ধন দাবীৰ ৰেকেট বুলি অভিহিত কৰিছিল। এই সন্দৰ্ভত অমিত শ্বাহে কৈছে যে ৰাহুল গান্ধীয়েও নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১৬০০ কোটি টকা লাভ কৰিছে। এই ধন ক’ৰ পৰা সংগ্ৰহ কৰিলে ৰাহুল গান্ধীয়ে ৰাজহুৱা কৰিব লাগে। চিএনএন নিউজ১৮ৰ ৰাইজিং ইণ্ডিয়া ছামিট-২০২৪ৰ মঞ্চৰ পৰাও এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিষয়েও কয় গৃহমন্ত্ৰী অমিত শ্বাহে। নিৰ্বাচনী বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনাইছে বুলিও তেওঁ কয়। লগতে কয় যে নিৰ্বাচনত ক’লা ধনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ অনা হৈছে। এই ক্ষেত্ৰতো সফলতা আছে বুলিও তেওঁ কয়।

You might also like