নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্রেমৰ চহৰ’ পেৰিছ অলিম্পিকত ৩ লাখ কণ্ডমৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ প্রেমৰ চহৰত যৌনতাৰ কোনো বাধা নাই৷ ক’ভিডমুক্ত পৃথিৱীত অলিম্পিক ভিলেজত মুক্ত সম্বন্ধৰ বাবে সকলো বাধা প্রত্যাহাৰ কৰা হৈছে৷ ইয়াৰ লগতে আগন্তুক পেৰিছ অলিম্পিকত খেলুৱৈসকলৰ ‘সুৰক্ষা’ নিশ্চিত কৰিবলৈ ৩ লাখ কণ্ডম বিতৰণ কৰা হ’ব বুলি গেমছ কর্তৃপক্ষই জানিবলৈ দিছে৷ ১৯৮৮ চনৰ ছিডল অলিম্পিকত প্রথমবাৰৰ বাবে গেমছ ভিলেজত বিনামূলীয়াকৈ কণ্ডম বিতৰণ আৰু নিষেধাজ্ঞাহীন যৌন সম্পর্ক স্থাপন কৰা হয়৷ একেৰাহে আঠখন গ্রীষ্মকালীন অলিম্পিকৰ বাবে এই নিয়ম প্রযোজ্য হোৱাৰ পিছত ২০২০ চনত ব্যতিক্রম কৰা হৈছিল৷ সেই সময়ত সমগ্র বিশ্বতে ক’ভিডৰ প্রাদুর্ভাৱ আৰম্ভ হৈছিল৷ ইয়াৰ বাবেই অলিম্পিক এবছৰ পলমকৈ অনুষ্ঠিত হৈছিল৷ আনকি গেমছ ভিলেজত খেলুৱৈসকলৰ মাজত কোনো ধৰণৰ শাৰীৰিক ঘনিষ্ঠতা বা যৌন সম্পর্কত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যাতে খেলুৱৈসকল ক’ভিড সংক্রমণৰ পৰা সুৰক্ষিত হয়৷ সম্প্রতি বিশ্ব ক’ৰোনামুক্ত৷ এনে পৰিস্থিতিত চলচ্চিত্রৰ দেশ, কবিতাৰ দেশত আয়োজিত পৰৱর্তী অলিম্পিকত পুৰণি নিয়মবোৰ ঘূৰাই অনা হৈছে৷ গেমছ ভিলেজত খেলুৱৈৰ ঘনিষ্ঠতা আৰু যৌন সম্পর্কৰ ওপৰত থকা সকলো বাধা প্রত্যাহাৰ কৰে কর্তৃপক্ষই৷ ইয়াৰ উপৰি গেমছ ভিলেজ কর্তৃপক্ষই গেমছ ভিলেজৰ খেলুৱৈসকলক ৩ লাখ কণ্ডম বিতৰণ কৰি এইচ আই ভিমুক্ত পৃথিৱীৰ বার্তা বিয়পাই দিয়াৰ সংকল্প লৈছে৷ মন কৰিবলগীয়া যে আগন্তুক পেৰিছ অলিম্পিকত ২০০ৰো অধিক দেশৰ ১৪,২৫০গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিব৷ ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব গ্রীষ্মকালীন অলিম্পিক৷ যিটো ১১ আগষ্টলৈকে চলিব৷ কর্তৃপক্ষই জনোৱা মতে, গেমছ ভিলেজত খেলুৱৈসকলৰ বাবে সকলো সা–সুবিধা আছে৷ বিশ্বৰ সকলো দেশৰ পৰা উৎকৃষ্ট খাদ্যৰ প্রদর্শন কৰা হ’ব৷ কর্তৃপক্ষৰ তথ্য অনুসৰি আধুনিক গেমছ ভিলেজখন নির্মাণৰ বাবে ১ বিলিয়ন ডলাৰ ব্যয় কৰা হৈছে৷

You might also like