৫৬ বছৰ ধৰি গর্ভত সন্তান ৮১ বছৰীয়া ব্রাজিলিয়ান মহিলাৰ
🔹 অস্ত্রোপচাৰেৰে ভ্রূণ বাহিৰ কৰাৰ পিছতে প্রাণহানি ডেনিয়েলা ভেৰাৰ
🔹 শৰীৰৰ অভ্যন্তৰত অবাঞ্ছিত অতিথি নিঃশব্দে ৰৈ থকা কথা গমেই নাপালে ৭ সন্তানৰ মাতৃয়ে
বিশেষ বাৰ্তা, ২৪ মার্চ : চিকিৎসা বিজ্ঞানৰ মতে মাতৃগর্ভত সন্তান ধাৰণৰ সময়সীমা ১০ মাহ৷ কিছু ক্ষেত্রত নিয়মৰ সামান্য ইফাল–সিফাল হ’ব পাৰে৷ কিন্তু গর্ভাশয়ত সন্তান ৫৬ বছৰ এক অকল্পনীয় ঘটনা৷ ব্রাজিলত এই বিৰল ঘটনা পোহৰলৈ আহিল৷ চিকিৎসা বিজ্ঞানক ‘চমক’ খুৱাই প্রায় ৬ দশক ধৰি গর্ভত সন্তান ধাৰণ কৰি ৰাখিলে ৮১ বছৰীয়া মহিলাই৷ শৰীৰৰ অভ্যন্তৰত অবাঞ্ছিত অতিথি নিঃশব্দে ৰৈ থকা কথা গমেই নাপালে ৭ সন্তানৰ মাতৃ ডেনিয়েলা ভেৰাই৷ ব্রাজিলৰ পৰা পাৰাগুৱেলৈ যাত্রাৰ সময়ত হঠাতে পেটত প্রচণ্ড বিষ অনুভৱ কৰে ভেৰাই৷ তেতিয়া চিকিৎসকে পৰীক্ষা কৰি ভেৰাৰ শৰীৰত ৫৬ বছৰ ধৰি মৃত ভ্রূণ থকা কথাটো নিশ্চিত কৰে৷ ইয়াৰ পিছতে ১৪ মার্চত ডেনিয়েলা ভেৰাৰ অস্ত্রোপচাৰ সম্পন্ন কৰে চিকিৎসকসকলে৷ ভ্রূণ বাহিৰ কৰি উলিওৱাটো সম্ভৱ হয় যদিও ইয়াৰ এদিন পিছতে ৮১ বছৰীয়া বৃদ্ধা ডেনিয়েলাৰ মৃত্যু হয়৷