নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভক্তি : নিজ দেহৰ ছালেৰে মাতৃক উপহাৰ দিলে চেণ্ডেল

বিশেষ বাৰ্তা, ২৮ মাৰ্চ : মাতৃভক্তি। নিজ দেহৰ ছাল কাটি মাতৃক উপহাৰ দিলে চেণ্ডেল। ৰামায়ণৰ পৰা প্ৰেৰণা পাই মাতৃক নিজ দেহৰ ছালেৰে প্ৰস্তুত কৰা চেণ্ডেল উপহাৰ দিয়া বুলি জানিবলৈ দিয়ে যুৱকজনে। মধ্যপ্ৰদেশৰ উজ্জয়িন নিৱাসী ৰৌনাক গুৰজাৰে অস্ত্ৰোপচাৰৰ জৰিয়তে দেহৰ ছাল কাটি চেণ্ডেল তৈয়াৰ কৰে। চেণ্ডেল মাকক উপহাৰ দিয়াৰ পিছত মাতৃ-পুত্ৰ দুয়ো আৱেগিক হৈ পৰে। তেওঁ কয় যে মাতৃভক্তিৰ এই প্ৰেৰণা তেওঁ ৰামায়ণৰ পৰা পাইছিল। মধ্যপ্ৰদেশৰ উজ্জয়িনৰ বাসিন্দা ৰৌনক গুৰজাৰে কয় যে তেওঁ ৰামায়ণৰ অনুৰাগী। দৈনিক এবাৰ ৰামায়ণ পঢ়িবলৈ তেওঁ আহ্বান জনায়। ৰাম তেওঁৰ আদৰ্শ। ৰামায়ণখন পঢ়াৰ পিছত মাকৰ বাবে কিবা এটা কৰাৰ হেঁপাহ জাগ্ৰত হয় তেওঁৰ। পিছত নিজৰ দেহৰ ছালৰে মাতৃৰ বাবে চেণ্ডেল বনোৱাৰ পৰিকল্পনা কৰে। আৱেগক মাতৃগৰাকীয়ে পুত্ৰ সন্দৰ্ভত কয়- তেওঁ কি কৰিলে মই নাজানিছিলোঁ। ভগৱানে এনে পুত্ৰ সকলো মাতৃকে দিয়ক।

You might also like