নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আততায়ীৰ আক্ৰমণত ৰক্তাক্ত আমেৰিকা

🔹 উন্মাদ যুৱকৰ ছুৰিকাঘাতত ৪জনৰ প্ৰাণহানি 

বিশেষ বাৰ্তা, ২৮ মাৰ্চ : আমেৰিকাত এক নিৰ্মম হত্যাকাণ্ড সংঘটিত হয়। এজন উন্মাদ আক্ৰমণকাৰীৰ ছুৰিকাঘাতত কমেও ৪জন লোকে প্ৰাণ হেৰুৱায়। গুৰুতৰভাৱে আহত হয় ৭জন। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সোধা-পোছাৰ বাবে তেওঁক জিম্মাত লোৱা হৈছে। বুধবাৰে আমেৰিকাৰ ইলিনয়ত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, কালিৰ দিনটোতে ইলিনয়ৰ কেইবাটাও স্থানত এজন আক্ৰমণকাৰীয়ে নিৰ্মমভাৱে আক্ৰমণ চলায়। ছুৰীৰে কেইবাজনো লোকক হত্যা কৰে। ছুৰীৰে চলোৱা আক্ৰমণত ৪জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে এগৰাকী ১৫ বছৰীয়া কিশোৰী, এগৰাকী ৬৩ বছৰীয়া মহিলা আৰু এজন ৪৯ বছৰীয়া পুৰুষ। এই আক্ৰমণত এজন ২২ বছৰীয়া যুৱকৰো মৃত্যু হয়। এই কাণ্ডৰ বিষয়ে ৰকফৰ্ড আৰক্ষী অধীক্ষক কাৰ্লা ৰেডে সংবাদ মাধ্যমক কয়- স্থানীয় সময় অনুসৰি প্ৰায় ১:৩০ বজাৰ ওচৰৰ চহৰৰ পৰা আমালৈ কেইবাটাও ফোন আহিছিল। এই ঘটনাটো বৰ ভয়ংকৰ। মৃত্যু হোৱা আৰু আহত হোৱা সকলোৰে শৰীৰত ছুৰীৰ আঘাত আছিল। ইতিমধ্যে আমি এজন ২২ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছো। এই ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

You might also like