অভিনেত্ৰী কংগনাক ‘যৌন কৰ্মী’ আখ্য়া সুপ্ৰিয়াৰ
🔹 বাদ পৰিল কংগ্ৰেছৰ লোকসভাৰ টিকটৰ পৰা
বিশেষ বাৰ্তা, ২৮ মাৰ্চ : অভিনেত্ৰী কংগনা ৰানাৱটক ‘যৌন কৰ্মী’ আখ্যা দি বিপদত পৰিল কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেট। বুধবাৰে নিৰ্বাচন আয়োগে নেত্ৰীগৰাকীলৈ শ্বকজ জাৰি কৰে। তদুপৰি বৃহস্পতিবাৰে তেওঁৰ নিজৰ দলেও নেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। বিতৰ্কিত মন্তব্যৰ বাবেই কংগ্ৰেছে সুপ্ৰিয়াক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ পৰা বাদ দিয়ে। উল্লেখ্য যে ২০১৯ চনত উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ পৰা সুপ্ৰিয়াই কংগ্ৰেছৰ টিকট লাভ কৰিছিল। অৱশ্যে বিজেপি প্ৰাৰ্থী পংকজ চৌধুৰীৰ হাতত পৰাস্ত হয় তেওঁ। সেই আসনতে সমাগত লোকসভা নিৰ্বাচনতো সুপ্ৰিয়া প্ৰাৰ্থী হোৱাৰ কথা আছিল। যদিওবা কংগনাক অশালীন মন্তব্য কৰি বিপদত পৰে তেওঁ। নিৰ্বাচন আয়োগৰ শ্বকজৰ পিছত কংগ্ৰেছ দলেও তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত থাকে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মহাৰাজগঞ্জত সুপ্ৰিয়াৰ সলনি বীৰেন্দ্ৰ চৌধুৰীক টিকট প্ৰদান কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত পোষ্টত বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটৰ এখন ছবি পোষ্ট কৰে। সেই ছবিখনত কংগনাক স্বল্পবস্ত্ৰ পৰিহিত অৱস্থাত দেখা গৈছে। বগা বিকিনি পিন্ধা কংগনাৰ এখন ছবি পোষ্ট কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লিখিছে- “মণ্ডিত বৰ্তমান কি দাম চলি আছে, অলপ কওকচোন?” সুপ্ৰিয়াৰ এই মন্তব্যই দুয়োটা ৰাজনৈতিক শিবিৰকে জোকাৰি যায়। তাৰ পিছতে কংগ্ৰেছৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বিজেপিয়ে। কংগনাই নিজেও অৱশ্যে উক্ত পোষ্টৰ উত্তৰ দিয়ে। কংগনাই কয়- ‘গালি-গালাজৰ ক্ষেত্ৰত যৌনকৰ্মীক টানি ননাই ভাল। প্ৰতিগৰাকী নাৰী মৰ্যাদাৰ যোগ্য।”