নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ এইবাৰ পিএইচডিত ভর্তিৰ নিয়ম সলনি কৰিলে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)–এ৷ পিএইচডিত ভর্তিৰ ক্ষেত্রত এতিয়াৰে পৰা সর্বভাৰতীয় স্তৰত ইউজিচি নেট পৰীক্ষাৰ নম্বৰেই ভর্তিৰ মাপকাঠী হিচাপে গ্রাহ্য হ’ব৷ ইয়াৰ বাবে আন কোনো প্রৱেশিকা পৰীক্ষা দিব নালাগে শিক্ষার্থীসকলে৷ এক বিবৃতিত এই সিদ্ধান্তৰ কথা সদৰী কৰিছে দেশৰ বিশ্ববিদ্যালয়সমূহ নিয়ামক সংস্থা ইউজিচিয়ে৷ দীর্ঘদিন ধৰি বিশ্ববিদ্যালয়সমূহে পিএইচডিত ভর্তিৰ বাবে পৃথকে প্রৱেশিকা পৰীক্ষাৰ আয়োজন কৰিছিল৷ সেই নিয়ম প্রত্যাহাৰ কৰিলে ইউজিচিয়ে৷ অর্থাৎ দেশজুৰি পিএইচডিত ভর্তিৰ বাবে নির্ণায়ক পৰীক্ষা হ’ব ইউজিচি নেট৷ ইউজিচিৰ সূত্রই সদৰী কৰিছে। ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ (এনইপি) কার্যকৰী কৰাৰ পাছত নেচনেল এলিজিবিলিটী টেষ্ট পদ্ধতিৰ পুনৰ মূল্যায়নৰ লক্ষ্যৰে এখন বিশেষজ্ঞ কমিটী গঢ়ি তোলা হৈছে৷ সেই কমিটীয়ে ইউজিচি নেটৰ জৰিয়তে পিএইচডিত ভর্তিৰ নিয়ম বলৱৎ হ’ব লাগে বুলি প্রস্তাৱ আগবঢ়াইছে৷ বিশেষজ্ঞ কমিটীৰ প্রস্তাৱৰ ভিত্তিত ২০২৪–২৫ শিক্ষাবর্ষৰ পৰা পিএইচডিত ভর্তিৰ বাবে ছাত্র–ছাত্রীৰ নেট পৰীক্ষাৰ নম্বৰেই গুৰুত্বপূর্ণ হৈ পৰিব৷