নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত দ্বিতীয় মহলাৰ পৰা পৰি ৰং মিস্ত্ৰীৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিত ৰঙৰ কামত নিয়োজিত এগৰাকী শ্ৰমিকে বাসগৃহৰ দ্বিতীয় মহলাৰ পৰা দুৰ্ঘটনাবশত সৰি পৰি কৰুণ মৃত্যুক সাৱতি লোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পেলাইছে৷ আচাম হাৰ্ডৱেৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ নৱনিৰ্মিত ভৱনটোত ৰং মিস্ত্ৰী হিচাবে নিয়োজিত হৈ থকাৰ সময়তেই হৰ্ঠাত বাঁহৰ সাঙীৰ খুটা ভাঙি তললৈ সৰি পৰি মৃত্যুমুখত পৰা শ্ৰমিকজনক জেঙনিকটীয়া চাৰিআলি নিবাসী আখতাৰ জুহিব ওৰফে ভাইটি (২৭) বুলি জানিব পৰা গৈছে৷ কালি দুপৰীয়া প্ৰায় এক মাজ সংঘটিত দুৰ্ঘটনাৰ পিছতেই সতীৰ্থ শ্ৰমিকসকলে আহত জুহিবক নগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ আনে যদিও পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ ক্ৰমে চ্যুকাফা মাল্টি স্পেচিয়েলিটি হস্পিতেলত ভৰ্তি কৰোৱায়৷ কিন্তু ইয়াতো চিকিৎসকে আঘাতৰ গুৰুত্বতাৰ প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও বিয়লিৰ সময়ত যুৱকজনৰ মৃত্যু হয়৷ ইফালে চহৰৰ মাজমজিয়াত ইমান এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এগৰাকী যুৱ শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ পিছতো বাতৰি লিখাৰ পৰলৈকে বাসগৃহটোৰ গৰাকীয়ে সদৰ থানাত কোনো ধৰণৰ লিখিত অভিযোগ দাখিল নকৰাৰ ঘটনাই সমগ্ৰ ঘটনাক অধিক ৰহস্য ঘন কৰি তুলাৰ লগতে এটা পক্ষ্যই দুৰ্ঘটনাটোক ৰহস্যজনকভাৱে গাপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে বিগত দুটা বছৰত শিৱসাগৰত অনুৰূপ ধৰণে দুটাকৈ ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰশাসনৰ তৰফৰ পৰা বিপদজনক স্থান অথবা অধিক উচ্চতাত কাম কৰা শ্ৰমিকক সুৰক্ষা কৱচ, হেলমেট পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে বাসগৃহ অথবা শ্ৰমিক নিয়োগ কৰা ঠিকাদাৰী প্ৰতিস্থানক এই ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰী কৰিছিল৷ কিন্তু ইমানৰ পিছতো অধিক উচ্চতাত সুৰক্ষা কৱচ নোহোৱাকৈ কিয় বাসগৃহটোৰ গৰাকীয়ে ৰং কৰা শ্ৰমিকক নিয়োগ কৰিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ইহ সংহাৰত পত্নী, এটি দুবছৰীয়া কন্যা শিশু এটা পৰিয়াল এৰি থৈ যোৱা দুৰ্ভগীয়া আখতাৰ জুহিবৰ পৰিয়ালটোক উচিত ক্ষতি পুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ প্ৰতি আহব্বান জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনকো সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷অভিযোগ অনুসৰি ইমান এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো আচাম হাৰ্ডৱেৰ কৰ্তৃপক্ষ তথা দুৰ্ঘটনা সংঘটিত হোৱা বাসগৃহটোৰ গৰাকীয়ে মাত্ৰ চাৰিহাজাৰ টকা আদায় দিয়েই সমগ্ৰ ঘটনাৰ পৰা গা এৰা দিয়াৰ অভিযোগে স্থানীয় ৰাইজক ক্ষুন্ন কৰি তুলিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like