নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ কংগ্ৰেছত অব্যাহত আছে খহনীয়া। এজনৰ পিছত এজন নেতাৰ দলত্য়াগৰ ধুমুহাৰে জৰ্জৰিত হৈছে দলটো। বিধায়কৰ পৰা দলৰ শীৰ্ষনেতালৈ সকলো যেন বিতুষ্ট দলৰ নেতৃত্বৰ প্ৰতি। দলটোৰ বিধায়কে মুক্তকণ্ঠে শাসকীয় দল বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পিছত ইমূৰৰ পৰা সিমূৰলৈ শীৰ্ষনেতাৰ দলত্যাগৰ ধাৰা অব্যাহত আছে। সেই ধাৰাৰেই আজি দলত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানস বৰাই। কংগ্ৰেছত আন এক মোক্ষম আঘাত হানি এইবাৰ দলত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানস বৰাই। মানস বৰাই পদত্যাগপত্ৰ মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছে।