নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয়তাবাদৰ অচিলাৰে কংগ্ৰেছৰে নিৰ্বাচন খেলিছে লুৰিণে : মন্ত্ৰী জয়ন্ত মল্ল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান। জোৰদাৰ হৈ উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ উদ্যম দেখি উৎসাহিত সকলো। বিজেপিৰ জয়জয়কাৰ ধ্বনিত মুখৰ ৰাজ্য। সমান্তৰালকৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱায়ো চলাইছে প্ৰচাৰ অভিযান। উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। দিনে নিশাই চলাইছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। ডিব্ৰুগড়ত এটাই ধ্বনি, বিজেপিক ভোট দিমেই আমি। আজি ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ অভিযান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। ডিব্ৰুগড়ৰ খোৱাং গজপুৰীয়াত অনুষ্ঠিত বিজেপি অসম প্ৰদেশৰ এখন বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। আগন্তুক নিৰ্বাচনক উদ্দেশ্যি ডিব্ৰুগড়ৰ বিশাল নিৰ্বাচনী সভাত ৰাইজক সম্বোধন মন্ত্ৰী গৰাকীৰ। ডিব্ৰুগড়ৰ পথালিবাম চাওৰা লাইন খেলপথাৰত জনসভাক সম্বোধন কৰি ভাষণ প্ৰদান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। ভাষণত ৰাইজ উদ্দেশ্যি কয়- “এইবাৰ ৪ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব সৰ্বানন্দ সোণোৱাল।” বিৰোধী কোনো কাৰণেই নহয় বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। ইপিনে জয়ন্তমল্ল বৰুৱাৰ বিৰোধীক কটাক্ষ কৰি মন্তব্য- “লুৰিণজ্যোতি গগৈ দুমুখীয়া। এফালে জাতীয়তাবাদীৰ কথা কয় আনফালে ৮৫৫ জন শ্বহীদৰ বাবে জগৰীয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচন খেলে। লগতে কয় “বিৰোধীয়ে যিমান কথা কয় তেনে কোনো কামেই কৰি দেখুৱাব পৰা নাই বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। নিৰ্বাচনী সভাখনত যথেষ্ট জনসমাগম হোৱা পৰিলক্ষিত হয়। সেই বিশাল জনসভাতেই সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। যথেষ্ট কষ্ট তথা ত্যাগৰ জৰিয়তে ৰাজ্যত এনেদৰেই এতিয়া বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কণ্ঠত এক প্ৰকাৰ আপ্লুত হৈ উঠে ডিব্ৰুগড়ৰ জনতা। সকলোৰে মুখত এটাই কথা বিজেপিক ভোট দিমেই আমি।

You might also like