নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচন : অসমত প্রথম পর্যায়ৰ ৫ সমষ্টিৰ ৩৫ প্রার্থীৰ ১৫জনেই কোটিপতি

🔹 এছ’চিয়েচন ফৰ ডেমক্রেটিক ৰিফর্মছৰ প্রতিবেদনৰ তথ্য

বিশেষ বাৰ্তা, ৯ এপ্রিল : ৰাজ্যত প্রথম পর্যায়ৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা গৰিষ্ঠসংখ্যক প্রার্থীয়েই ধনাঢ্য৷ ব্যাপক নির্বাচনী প্রচাৰ অব্যাহত থকাৰ সময়তে এই তথ্য স্পষ্ট হৈছে এছ’চিয়েচন ফৰ ডেমক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা এক প্রতিবেদনত৷ এডিআৰে প্রথম পর্যায়ৰ নির্বাচনত সমগ্র দেশৰ মুঠ প্রতিদ্বন্দ্বী ১,৬২৫জনৰ ভিতৰত ১,৬১৮জনে মনোনয়ন–পত্রৰ সৈতে দাখিল কৰা শপতনামা পর্যালোচনা কৰি এই প্রতিবেদন প্রস্তুত কৰিছে৷ অহা ১৯ এপ্রিলত অসমৰ পাঁচটা সংসদীয় সমষ্টিত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব৷ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্রুগড় সংসদীয় সমষ্টিকেইটাৰ বিপৰীতে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে মুঠ ৩৫জন প্রার্থী৷ তেওঁলোকৰ ভিতৰত ১৫জনেই কোটিপতি৷ অস্থাৱৰ–স্থাৱৰ সম্পত্তিৰ নিৰিখেৰে আটাইতকৈ শীর্ষত আছে কাজিৰঙা সংসদীয় সমষ্টিৰ নির্দলীয় প্রার্থী দিলোৱাৰা বেগম চৌধুৰী৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭,৫৮,৪৩,০৭৭ টকা৷ ইয়াৰে ৪,৬৫,৬১,০০৭ টকাৰ সম্পত্তি অস্থাৱৰ হোৱাৰ বিপৰীতে ১২,৯২,৮২,০০০ টকাৰ স্থাৱৰ সম্পত্তি আছে চৌধুৰীৰ৷ সেইদৰে আম আদমী পার্টীৰ টিকটত ডিব্রুগড়ৰ পৰা প্রতিদ্বন্দ্বিতা কৰা মনোজ ধানোৱাৰৰ ২,৮৫,৮০,৪৪০ টকাৰ অস্থাৱৰ আৰু ৬,৪৬,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি আছে৷ অর্থাৎ ধানোৱাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯,৩২,৩০,৪৪০ টকা৷ প্রাক্তন মন্ত্রী তথা শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী ৰঞ্জিত দত্তৰ আছে মুঠ ৮,৯৭,৯২,১৯৪ টকাৰ সম্পত্তি৷ ইয়াৰে ৫,৫২,৯২,১৯৪ টকাৰ অস্থাৱৰ আৰু ৩,৪৫,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি দত্তৰ৷ লখিমপুৰৰ কংগ্রেছ প্রার্থী উদয় শংকৰ হাজৰিকাও কোটিপতি৷ তেওঁৰ ৩,৩৯,৬১,৪০২ টকাৰ অস্থাৱৰ আৰু ৩,৪২,৮১,৮৮৫ টকাৰ স্থাৱৰ সম্পত্তি আছে৷ অর্থাৎ হাজৰিকাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬,৮২,৪৩,২৮৭ টকা৷ বর্তমানৰ কলিয়াবৰৰ সাংসদ তথা এইবাৰ যোৰহাট সংসদীয় সমষ্টিৰ পৰা কংগ্রেছৰ প্রার্থী হিচাপে লোকসভা নির্বাচনৰ ৰণত নমা গৌৰৱ গগৈৰ আছে ৪,৯০,৬১,১২০ টকাৰ সম্পত্তি৷ ইয়াৰে ২,৬৫,৬১,১২০ টকাৰ অস্থাৱৰ আৰু ২,২৫,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী সর্বানন্দ সোণোৱাল ১,৬৪,৬৫,২৫৮ টকাৰ অস্থাৱৰ আৰু ৩,১১,২০,০০০ টকাৰ স্থাৱৰ সম্পত্তিৰ গৰাকী৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৭৫,৮৫,২৫৮ টকা৷ যোৰহাটৰ সাংসদ তথা এইবাৰ পুনৰ সংসদীয় সমষ্টিটোৰ পৰা বিজেপি প্রার্থী হিচাপে ভোটযুদ্ধত অৱতীর্ণ হোৱা তপন কুমাৰ গগৈৰ মুঠ সম্পত্তি ৩,২২,৯৮,১৩৯ টকাৰ৷ ইয়াৰে ৩,০০,৪৮,১৩৯ টকাৰ অস্থাৱৰ আৰু ২২,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ আম আদমী পার্টীৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ প্রার্থী ঋষিৰাজ কৌণ্ডিন্যৰো সম্পত্তিৰ পৰিমাণ প্রায় ৩ কোটি৷ তেওঁৰ ১,৩৪,৯১,৭৫৩ টকাৰ অস্থাৱৰ আৰু ১,৫৬,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি আছে৷ অর্থাৎ কৌণ্ডিন্য ২,৯১,৪১,৭৫৩ টকাৰ সম্পত্তিৰ গৰাকী৷ সাংসদ তথা পুনৰবাৰ লখিমপুৰৰ পৰা বিজেপিৰ প্রার্থিত্ব লাভ কৰা প্রদান বৰুৱাৰ মুঠ ২,৪২,০৫,৫৩৬ টকাৰ সম্পত্তি আছে৷ ইয়াৰে ১,০৫,৮৫,৫৩৬ টকাৰ অস্থাৱৰ আৰু ১,৩৬,২০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ শোণিতপুৰ সংসদীয় সমষ্টিৰ নির্দলীয় প্রার্থী প্রদীপ ভাণ্ডাৰীৰ ৮৯,৬৩,১৩১ টকাৰ অস্থাৱৰ সম্পত্তি থকাৰ বিপৰীতে ১,১৮,৭৫,০০০ টকাৰ আছে স্থাৱৰ সম্পত্তি৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২,০৮,৩৮,১৩১ টকা৷ কাজিৰঙা সংসদীয় সমষ্টিৰ নির্দলীয় প্রার্থী আব্দুল হক ২,০১,৩০,৩৮৯ টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী৷ অৱশ্যে তেওঁৰ কোনো স্থাৱৰ সম্পত্তি নাই৷ ৰাজ্যসভাৰ সাংসদ তথা কাজিৰঙা সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছা মুঠ ২,০০,১৭,২৯৭ টকাৰ সম্পত্তিৰ মালিক৷ তেওঁৰ ১,৪৫,১৭,২৯৭ টকাৰ অস্থাৱৰ আৰু ৫৫,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি আছে৷ লখিমপুৰৰ তৃণমূল কংগ্রেছৰ প্রার্থী ঘনকান্ত চুতীয়াৰ আছে ৫১,৭২,০০০ টকাৰ অস্থাৱৰ আৰু ১,৪০,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ চুতীয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১,৯১,৭২,০০০ টকা৷ ভাৰতীয় গণ পৰিষদ নামৰ স্বল্পখ্যাত দলটোৰ পৰা কাজিৰঙা সংসদীয় সমষ্টিত প্রার্থিত্ব লাভ কৰা শৈলেন চন্দ্র মালাকাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ১,৬৭,৩০,০০০ টকা৷ তেওঁৰ ২৭,৩০,০০০ টকাৰ অস্থাৱৰ সম্পত্তি থকাৰ বিপৰীতে আছে ১,৪০,০০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ শোণিতপুৰ সংসদীয় সমষ্টিৰ কংগ্রেছ প্রার্থী প্রেমলাল গঞ্জুও কোটিপতি৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১,১০,১২,৭৬৩ টকা৷ ইয়াৰে ২৬,৬২,৭৬৩ টকাৰ অস্থাৱৰ আৰু ৮৩,৫০,০০০ টকাৰ স্থাৱৰ সম্পত্তি৷ লক্ষণীয়ভাৱে প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া দেশৰ আটাইকেইটা সংসদীয় সমষ্টিৰ প্রার্থীসকলৰ ভিতৰত আটাইতকৈ ধনী হিচাপে চিহ্ণিত হৈছে নকুল নাথ৷ মধ্যপ্রদেশৰ চিন্দৱাৰা সংসদীয় সমষ্টিৰ কংগ্রেছ প্রার্থী নাথৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭১৬ কোটি টকাৰো অধিক৷ ইয়াৰ বিপৰীতে তামিলনাডুৰ থুথুক্কুডি সংসদীয় সমষ্টিৰ নির্দলীয় প্রার্থী পোনৰাজ কে আটাইতকৈ দুখীয়া হিচাপে চিহ্ণিত হৈছে৷ কোনোধৰণৰ স্থাৱৰ সম্পত্তি নথকা পোমৰাজ কেৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা৷ ইফালে, অসমত প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থীসকলৰ ভিতৰত পাঁচজনৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ৷ লক্ষণীয়ভাৱে অপৰাধমূলক গোচৰ থকা প্রার্থীৰ তালিকাত শাসকীয় বিজেপিৰ এজনো নাই৷ অপৰাধমূলক গোচৰ ৰুজু হৈ থকা প্রার্থীসকলৰ ভিতৰত আম আদমী পার্টীৰ ঋষিৰাজ কৌণ্ডিন্য, কংগ্রেছৰ গৌৰৱ গগৈ, বহুজন মহাপার্টীৰ আলম আলী আৰু ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্র মালাকাৰ অন্যতম৷

দ্বিতীয় পর্যায়ৰ ৫ সমষ্টিত ৬১ প্রার্থী

অহা ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ লোকসভা সমষ্টিৰ আজি প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম দিন আছিল৷ অন্তিম দিনা ডিফু লোকসভা সমষ্টিৰ এজন প্রার্থীয়ে প্রার্থিত্ব প্রত্যাহাৰ কৰে৷ ইয়াৰ ফলত দ্বিতীয় পর্যায়ৰ নির্বাচনত মুঠ প্রতিদ্বন্দ্বীৰ সংখ্যা হ’ব ৬১জন৷ ইয়াৰে দৰং–ওদালগুৰি লোকসভা সমষ্টিত ১১জন, ডিফু লোকসভা সমষ্টিত ৫জন, কৰিমগঞ্জ লোকসভা সমষ্টিত ২৪জন, শিলচৰ লোকসভা সমষ্টিত ৮জন আৰু নগাঁও লোকসভা সমষ্টিত ১৩জন প্রার্থীৰ মনোনয়ন বৈধ ঘোষণা কৰিছে নির্বাচন আয়োগে৷

You might also like