পুনেৰ খাদ্য যোগানকাৰী সংস্থাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ গ্রাহকৰ
🔹 ছিংৰাত ওলাল গুটখা–কনডম
বিশেষ বাৰ্তা, ১০ এপ্রিল : পুনেৰ পিমপ্রি ছিনছৱাড়ত এটা অটোম’বাইল কোম্পানীক খাদ্য যোগানকাৰী সংস্থাই যোগান ধৰা ছিংৰাত গুটখা, কনডম আৰু শিল ওলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, কেটেলিষ্ট চার্ভিছ চলুশ্যন প্রাইভেট লিমিটেড নামৰ খাদ্য যোগান ধৰা সংস্থাটোৱে অটোম’বাইল কোম্পানীৰ কেণ্টিনলৈ খাদ্য যোগান ধৰি আহিছে৷ অটোম’বাইল কোম্পানীটোলৈ যোগান ধৰা ছিংৰাত গুটখা, কনডম আৰু শিল পোৱা গৈছে৷ এই সন্দর্ভত অটোম’বাইল কোম্পানীটোৱে খাদ্য যোগানকাৰী সংস্থাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিছে৷ অৱশ্যে খাদ্য যোগান ধৰা সংস্থাটোৱে তেওঁলোকৰ প্রতিষ্ঠানক দুৰ্নাম কৰাৰ বাবে দুষ্টচক্রই ছিংৰাত এনে সামগ্রী ভৰাই দিছে বুলি কয়৷ খাদ্য যোগানকাৰী সংস্থাটোৰ প্রবন্ধকে আৰক্ষীক সন্দেহযুক্ত ব্যক্তিৰ তালিকাৰে অভিযোগ দাখিল কৰিছে৷ পাঁচজন সন্দেহযুক্ত লোকৰ নামত খাদ্য যোগান ধৰি সংস্থাটোৱে গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে এই অপকর্মত জড়িত এজনক গ্রেপ্তাৰ কৰিছে৷ সমগ্র ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ উল্লেখ্য যে কেটেলিষ্ট চার্ভিছ চলুশ্যনে খাদ্যৰ বাবে আন এটি প্রতিষ্ঠান মনোহৰ এণ্টাৰপ্রাইজক দায়িত্ব দিছিল৷ এই মনোহৰ এণ্টাৰপ্রাইজৰ ফিৰোজ শ্বেখ আৰু বিকি শ্বেখ নামৰ দুজন কর্মচাৰীয়ে ছিংৰাৰ লগত গুটখা, কনডম আৰু শিল মিহলাই দিছিল বুলি অভিযোগ কৰে৷