নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাৰৰ সন্মুখত চেণ্ডেলৰ মালা পিন্ধি নির্দলীয় প্রার্থী

🔹 উত্তৰ প্রদেশত ব্যতিক্রমী প্রচাৰ অভিযান

বিশেষ বাৰ্তা, ১০ এপ্রিল : লোকসভা নির্বাচনক লৈ সমগ্র দেশৰ লগতে উত্তৰ প্রদেশতো নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ ৰাজ্যখনৰ আলিগড় লোকসভা সমষ্টিত নির্দলীয় প্রার্থী এগৰাকীয়ে ৭পাট চেণ্ডেলৰ মালা পিন্ধি চলোৱা ব্যতিক্রমী প্রচাৰে সমষ্টিটোৰ ভোটাৰৰ মাজত চর্চা চলাই নহয়, দেশৰ সংবাদ মাধ্যমতো এই বিষয়টো চর্চিত হৈছে৷ আলিগড় সংসদীয় সমষ্টিৰ নির্দলীয় প্রার্থী পণ্ডিত কেশৱ দেৱে চেণ্ডেলৰ মালা পিন্ধি প্রচাৰ অভিযান চলোৱাৰ আঁৰত এক তথ্যও আছে৷ তথ্য মতে, দেশৰ নির্বাচন আয়োগে নির্দলীয় প্রার্থীগৰাকীক এক অদ্ভূত প্রতীক দিছে৷ নির্বাচন আয়োগে প্রার্থীগৰাকীক দিয়া নির্বাচনী চিহ্ণ হৈছে ‘তেজৰ চেণ্ডেল’৷ এই চেন্দেলৰ প্রতীক নির্বাচন আয়োগে প্রদান কৰাটো চর্চাৰ বিষয় নোহোৱা নহয়৷ প্রার্থী এগৰাকীক চেণ্ডেলৰ ছবি প্রতীক হিচাপে দিয়াৰ পিছত প্রার্থীগৰাকীয়ে সেই চেণ্ডেলেৰেই ভোটাৰক আকর্ষণৰ লক্ষ্য কৰি লৈছে৷ নিজৰ নির্বাচনী প্রতীকটো মালা আকাৰে পিন্ধি লৈ প্রচাৰ অভিযান চলাই আছে৷ সাধাৰণতে চেণ্ডেলৰ মালা পিন্ধা বিষয়টো আমাৰ সমাজ ব্যৱস্থাত নেতিবাচক হিচাপে বিবেচনা কৰা হয়৷ এনে ক্ষেত্রত লোকসভাৰ নির্দলীয় প্রার্থী এগৰাকীয়ে চেণ্ডেলৰ মালা পিন্ধি নির্বাচনী প্রচাৰ চলোৱাটো চর্চাৰ বিষয় হোৱাটো নিশ্চিত৷ সামাজিক মাধ্যমত প্রচাৰ হোৱা ভিডিঅ’ ফুটেজ মতে নির্দলীয় প্রার্থী পণ্ডিত কেশৱ দেৱে বগা তাৰবান পিন্ধি ডিঙিত চেণ্ডেলৰ মালা পিন্ধি সমর্থকৰ সৈতে ভোটৰ প্রচাৰ অভিযান চলাই আছে৷ প্রার্থীগৰাকীৰ বেনাৰত দুর্নীতিবিৰোধী সেনা বুলিও লিখা আছে৷

You might also like