ওৰাং-ৰৌতা ৰাষ্ট্ৰীয় পথত চালানবিহীন বালিভৰ্তি ডাম্পাৰ জব্দ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে চালানবিহীন বালিভৰ্তি ডাম্পাৰ এখন জব্দ কৰে। আজি পুৱাৰ ভাগত মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰীৰ নিৰ্দেশ মৰ্মে মাজবাট আঞ্চলিক বন বিভাগৰ বন পালক খৰ্গেশ্বৰ নাথৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে ওৰাং-ৰৌতা ৰাষ্ট্ৰীয় ঘাই পথত চালানবিহীন ডাম্পাৰৰ সন্ধানত চলায় অভিযান। এই অভিযানত বন কৰ্মীৰ দলে ওৰাং-ৰৌতা ৰাষ্ট্ৰীয় ঘাইপথৰ ধনশ্ৰী দলঙৰ কাষৰ পৰা চালানবিহীন AS-27-C-7382 নম্বৰৰ বালিভৰ্তি ডাম্পাৰ জব্দ কৰে। পিছত মাজবাট আঞ্চলিক বন বিভাগৰ দলে বালি ভৰ্তি ডাম্পাৰখন মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে। মাজবাট আঞ্চলিক বন বিভাগৰ বিট অফিচাৰ মিন্টু বড়োয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ধনশ্ৰী নদীৰ পৰা বালি ভৰ্তি কৰি মঙ্গলদৈলৈ চালানবিহীনভাবে নি থকা অবস্থাত বন বিভাগৰ দলে ডাম্পাৰ খন জব্দ কৰিবলৈ সক্ষম হয় ।
প্ৰেৰক ধীৰেন মহলীয়া