ভৰলু–বাহিনী–বোন্দাজান-পামহীৰ আৱর্জনা নিষ্কাশনৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ গুৰুত্বপূর্ণ সভা এখন জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ জিলাখনৰ ৰাজহ চক্র বিষয়াসকলৰ উপৰি আৰক্ষী, জলসম্পদ, গড়কাপ্তানি, গুৱাহাটী পৌৰ নিগম, জিএমডিএ, এপিডিচিএল, জলসিঞ্চন, ভূমি সংৰক্ষণ, কৃষি, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, বন, এনডিআৰএফ, পশুপালন আদি বিভাগৰ জিলাৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত আগন্তুক বাৰিষাৰ পৰিপ্রেক্ষিতত সংশ্লিষ্ট বিভাগসমূহে বানপানী, ভূমিঙ্খলন আদি সমস্যাম প্রতিৰোধৰ বাবে আগতীয়াকৈ ল’বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা হয়৷ জিলা উপায়ুক্ত পেগুৱে আগন্তুক বাৰিষাৰ পৰিপ্রেক্ষিতত জিলাখনৰ বানপানী প্রৱন অঞ্চলসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ কৃত্রিম বানপানী আৰু ভূমিঙ্খলন প্রৱণ অঞ্চলসমূহত সংশ্লিষ্ট বিভিন্ন বিভাগে আগতীয়াকৈ ল’বলগীয়াৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ উপায়ুক্ত গৰাকীয়েে জিলাখনৰ ৰাজহ চক্র বিষয়াসকলক বাৰিষাৰ সময়ছোৱাত সৃষ্টি হ’ব পৰা বানপানী অথবা ভূমিঙ্খলনৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়ার পৰা সাজু থাকিবলৈ নির্দেশ দিয়ে আৰু ইয়াৰ বাবে প্রয়োজনীয় কর্মসূচী প্রস্তুত কৰিবলৈ কয়৷ জলসম্পদ, গড়কাপ্ঢানী আদি বিভাগকো আগতীয়াকৈ আগন্তুক বানপানীৰ বাবে প্রয়োজনীয় প্রতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে উপায়ুক্তগৰাকীয়ে নির্দেশ দিয়ে৷ জলসম্পদ বিভাগ আৰু পৌৰ নিগমৰ পাম্পিং মেচিন সমূহৰ প্রয়োজনীয় মেৰামতি আগতীয়াকৈ কৰি ৰখাৰ বাবেও উপায়ুক্তগৰাকীয়ে নির্দেশ দিয়ে৷ উপায়ুক্ত পেগুৱে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু ট্রান্সফর্মাৰ সমূহক ভালদৰে পৰীক্ষা কৰিবলৈ এপিডিচিএলৰ সংশ্লিষ্ট বিষয়াক নির্দেশ দিয়ে৷ বাৰিষাৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত কৃত্রিম বানে যাতে অধিক সমস্যা সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে গুৱাহাটী মহানগৰীৰ নলা–নর্দমাসমূহৰ পৰা জাৱৰ–জোথৰ তথা আৱর্জনা সমূহ আতৰোঁৱাৰ কাম অতি দ্রুতভাৱে আৰু নিয়মীয়াকৈ কৰিবলৈ পৌৰ নিগমকে ধৰি সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ তদুপৰি, উপায়ুক্ত গৰাকীয়ে ভৰলুনৈ, বাহিনী নৈ, মৰা ভৰলু, বোন্দাজান বিল, পামহী, শিলসাকোঁ বিল আৰু দীপৰ বিলত জমা হোৱা আৱর্জনা, গেদ আদি পৰিষ্কাৰ কৰাৰ কামো অতি শীঘ্রে সম্পূর্ণ কৰি তুলিবলৈ পৌৰ নিগম আৰু জিএমডিএৰ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে৷