যৌৱন, মোৰ টোকাবহীৰ পৰা
- হোমেন বৰগোহাঞি
মই কেতিয়াও বুঢ়া হ’ব নোখোজোঁ ৷ মই চিৰ যৌৱনৰ অধিকাৰী হ’ব খোজোঁ৷ যজাতিৰ নিচিনা ধাৰ কৰা যৌৱন নহয় নিজৰ সাধনাৰে অর্জন কৰা যৌৱন৷ কিন্তু যৌৱনৰো মোৰ নিজস্ব এটা সংজ্ঞা আছে৷ বহু বছৰৰ আগতে লিখা এটা প্রবন্ধত মই লিখিছিলোঁ যে যৌৱন হ’ল মনৰ এটা অৱস্থা মাত্র৷ ই যিমান পৰিমাণে দেহৰ এটা ধর্ম, তাতকৈ বহু বেছি পৰিমাণে ই মনৰ ধর্ম৷ যোৱা কেইবাবছৰ ধৰি নিতৌ ৰাতিপুৱা শুই উঠিয়ে মই যিটো সংকল্প লওঁ, সেইটো হ’ল এই যে মই কেতিয়াও বুঢ়া নহওঁ৷ বার্ট্রাণ্ড ৰাছেলৰ এই কথা সম্পূর্ণ সত্য যে বার্ধক্যৰ বিৰুদ্ধে যুদ্ধ কৰি কোনেও জয়লাভ কৰিব নোৱাৰে৷ কিন্তু যিটো অর্থত বার্ট্রাণ্ড ৰাছেল ৯৫ বছৰ বয়সলৈকে ডেকা হৈ আছিল, ঠিক সেই অর্থতেই মই জীৱনৰ শেষ মুহূর্ত পর্যন্ত ডেকা হৈ থাকিব খোজোঁ৷ এই প্রসংগত বিশ্ববিখ্যাত চিত্র পৰিচালক ইংগমাৰ বার্গমেনৰ এষাৰ কথাও মোৰ মনলৈ আহিছে৷ ৮৭ বছৰ বয়সত ভৰি দি বার্গমেনে কৈছিল–Therefore we don’t lose heart. Even though our outward man is perishing, yet the inwar man is being renewed day by day.
চিৰ যৌৱনৰ যিটো মন্ত্র মই নিজে আৱিষ্কাৰ কৰিছোঁ সেইটো হ’ল এই যে মানুহে জীৱনৰ শেষ মুহূর্তলৈকে স্বপ্ণ দেখাৰ অভ্যাস ত্যাগ কৰিব নালাগে৷ মানুহ কেতিয়া বুঢ়া হয়? যেতিয়াই তেওঁ স্বপ্ণৰ জগত ত্যাগ কৰি স্মৃতিৰ জগতত আশ্রয় লয়৷ স্বপ্ণ দেখা মানেই ভৱিষ্যতলৈ ডিঙি মেলি চোৱা স্মৃতি ৰোমন্থন কৰা মানেই অতীতলৈ উভতি চোৱা৷ মই এতিয়াও স্বপ্ণ দেখোঁ, প্রতিদিনেই দেখোঁ, আৰু এই স্বপ্ণই চিৰ–সজীৱ কৰি ৰাখিছে মোৰ চিত্তৰ তাৰুণ্য৷ বিৰল অলস প্রহৰত অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰি আনন্দ অনুভৱ কৰিলেও বেছিভাগ সময়তে মই স্মৃতিৰ জগতৰ পৰিৱর্তে বাস কৰোঁ স্বপ্ণৰ জগতত৷ মই বিশ্বাস কৰোঁ যে কোনে কেনেকুৱা স্বপ্ণ দেখে সিয়েই নির্ণয় কৰে তেওঁৰ জীৱনৰ পথ আৰু লক্ষ্য৷ কোনোবাই হয়তো ক’ব পাৰে– স্বপ্ণই আকৌ কেনেকৈ মানুহৰ জীৱনৰ পথ আৰু লক্ষ্য নির্ণয় কৰিব পাৰে? স্বপ্ণবোৰতো দিঠকত পৰিণত নোহোৱাৰ আশংকাই বেছি৷ কিন্তু সেই কথা সত্য নহয়৷ মানুহৰ বিধিলিপিয়েই এনেকুৱা যে জীৱনৰ বেছিভাগ সময় মানুহে তুচ্ছতাৰ বোকাত লেটি লৈ থাকিবলগীয়া হয়৷ বেছিভাগ মানুহৰ কাৰণে জীৱনৰ অর্থ হ’ল– ‘কেৱল দিন–যাপনৰ আৰু কেৱল প্রাণ–ধাৰণৰ গ্লানি৷’ কিন্তু মানুহ একে সময়তে দুখন জগতৰ বাসিন্দা৷ এখন বাহিৰৰ জগত– য’ত তেওঁ বেছিভাগ সময়তে তুচ্ছতাৰ বোকাত লেটি লৈ থাকিব লগা হয়৷ আনখন হ’ল তেওঁৰ অন্তৰৰ জগত, য’ত তেওঁ চিৰ পৰিচিত ধূলি–ধূসৰিত জীৱনৰ সিপাৰৰ আন এটা আদর্শ জীৱনৰ স্বপ্ণ দেখিব পাৰে৷ মানুহৰ এই স্বপ্ণ বাস্তৱতকৈও বেছি সত্য, কাৰণ হূদয়ত চিৰ জাগৰুক হৈ থকা এই স্বপ্ণইহে আপাতদৃষ্টিত অর্থহীন আৰু তুচ্ছ যেন লগা জীৱনটোকো অর্থ আৰু মহত্ত্বৰে মণ্ডিত কৰিব পাৰে৷ মই সদায় সেইবোৰ কাম কৰাৰ স্বপ্ণ দেখি থাকোঁ– যিবোৰ কাম হয়তো মই কেতিয়াও কৰিব নোৱাৰোঁ বা কৰিবলৈ সময় নাপাওঁ৷ মই সদায় নিজকে এনেকুৱা নিত্য নতুন ৰূপত সৃষ্টি কৰি থাকিবলৈ বিচাৰোঁ, যিবোৰ ৰূপ মোৰ নিজৰ কল্পনাতেই এতিয়ালৈকে স্পষ্টভাৱে ধৰা পৰা নাই৷ মোৰ স্বপ্ণৰ মাজত সদায় যিবোৰ নিত্য–নতুন উচ্চাকাংক্ষাই জন্ম লয়, সেই উচ্চাকাংক্ষাবোৰে মোক সকলো সময়তে অতৃপ্ত, অশান্ত আৰু অস্থিৰ কৰি ৰাখে৷ কালৰ বিনাশী শক্তিয়ে মোৰ শৰীৰটোক ক্রমাগতভাৱে ক্ষয় কৰি থাকিলেও মই দুর্ভেদ্য দুর্গৰ মাজত সুৰক্ষিত কৰি ৰাখিছোঁ মোৰ আত্মাৰ যৌৱনক৷ সি তাৰ পুষ্টি আৰু শক্তি আহৰণ কৰে মোৰ স্বপ্নৰ পৰা৷