নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনক যথেষ্ঠ জিৰণিৰ প্ৰয়োজনঃ গৰিমা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আপোন শিল্পী জুবিন গার্গ ক্রমাৎ সুস্থ অৱস্থালৈ আহিছে৷ চিকিৎসালয়ত আজি জুবিনৰ স্বাস্থ্য পূর্বতকৈ যথেষ্ট সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে৷ অতিমাত্রা পৰিশ্রম আৰু জিৰণিৰ অভাৱৰ বাবে অসুস্থ হৈ পৰা শিল্পীগৰাকীৰ স্বাস্থ্য ক্রমাৎ উন্নত হৈ অহাত গুণমুগ্ধসকলৰ উদ্বিগ্নতা হ্রাস পাইছে৷  নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই প্রকাশ কৰা মতে, জুবিনৰ স্বাস্থ্যৰ বিভিন্ন পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে৷ যোৱা ১৮ ঘণ্টা চিকিৎসকৰ বিশেষ তত্ত্বাৱধানত থকাৰ পাছত যথেষ্ট সুস্থ হৈ উঠিছে জুবিন৷

             বর্তমান জুবিন সুস্থ যদিও কিছু পৰীক্ষাৰ প্রয়োজন আছে৷ আনহাতে, জুবিন গার্গৰ পত্নী গৰিমা গার্গে জানিবলৈ দিয়া মতে, জুবিনে পুৱা আৰু দুপৰীয়াৰ আহাৰ স্বাভাৱিক ধৰণে গ্রহণ কৰিছে আৰু চিকিৎসক আৰু তেওঁৰ সৈতে কথা–বতৰা পাতিছে৷ তেওঁক কিছু জিৰণিৰ প্রয়োজন আৰু সেয়ে চিকিৎসালয়তে কিছুদিন ৰখা হ’ব ৷

           জুবিনক খোৱা–বোৱাৰ ক্ষেত্রত চিকিৎসকে কোনো নিয়ম বান্ধি দিয়া নাই যদিও  কিছু লঘু আহাৰ গ্রহণ কৰে জুবিনে ৷ ১২জনকৈ চিকিৎসকৰ পর্যবেক্ষণত থকা জুবিন গার্গে আজি যথেষ্ট সুস্থ অনুভৱ কৰি পূর্বনির্ধাৰিত কার্যসূচীত ভাগ ল’বলৈ চিকিৎসালয়ৰ পৰা যাব বিচাৰিছিল যদিও পত্নী আৰু চিকিৎসকৰ হেঁচাত জিৰণি ল’বলৈ সন্মত হয় ৷ ইফালে জুবিনক দীঘলীয়া জিৰণিৰ পৰামর্শ দিছে চিকিৎসকে৷ যাৰ বাবে কিছুদিন চিকিৎসালয়তে নিৰীক্ষণত থাকিব জুবিন ৷ এই সময়ছোৱাত জুবিনক ফোন বা মেছেজ নকৰিবলৈ গুণমুগ্ধসকললৈ আহ্বান জনাইছে জুবিনৰ পত্নী গৰিমা গার্গে ৷ জুবিনক কিছু জিৰণিৰ প্রয়োজন। তেওঁৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হৈছে। সকলো স্বাস্থ্য পৰীক্ষা স্বাভাৱিক হৈছে। বৰ্তমান সময়ত জুবিনক যিমান জিৰণি দিব পাৰো সিমানেই ভাল। তেখেতক যথেষ্ঠ জিৰণিৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে।

You might also like