নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩ৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ২০২৩ৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। আজি অনুষ্ঠিত হৈ যোৱা ভূমি পূজন অনুষ্ঠানত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ লগতে কয় যে আজিৰ দিনটো অসমৰ বাবে এটা গুৰুত্ৱপূৰ্ণ দিন। প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা আটাইবোৰ প্ৰকল্প আমি লাহে লাহে ৰূপায়ন কৰিবলৈ সক্ষম হৈছো। ৰাজ্য চৰকাৰে আজিৰে পৰা গুবাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা পৰ্যায়ত উপস্থিত হৈছো। GMDA-এ এই প্ৰকল্পৰ বাবে প্ৰথমে নিবিদাৰ আহ্ৱান কৰিছিল। এই দলঙে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোনো ঋণাত্মক প্ৰভাৱ নেপেলায়। এই দলঙৰ দ্বাৰা বহুতো সুবিধা হ’ব। এই দলং নিৰ্মাণত খৰচ হ’ব ২৬০৮ কোটি টকা।  দলং নিৰ্মাণত মুঠ ২১৮৭ কোটি টকা খৰচ হ’ব বুলি ভূমি পূজন অনুষ্ঠানত মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like