নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱাত একশৰণ নামধৰ্ম জনজাতি সমাজৰ সাধাৰণ সভা সম্পন্ন

🔹 উচ্চ-উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ৩০ মেধাৱী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১১ মে’ : মৰিগাঁও জিলাৰ গেৰুৱা অঞ্চলৰ চৰাইহাগীত আজি একশৰণ নামধৰ্ম জনজাতি সমাজ, অসমৰ সাধাৰণ সভা এখন অনুষ্ঠিত হয়। সমাজৰ পশ্চিম আঞ্চলিক চৰাইহাগীৰ কীৰ্তন গৃহত আজি অনুষ্ঠিত এই সভাখনত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। এই সভাতে সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ ৩০গৰাকী ছাত্র-ছাত্ৰীক সমাজৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ছাত্র-ছাত্ৰীসকলক একোখন ফুলাম গামোচা, একোখন মানপত্ৰ আদিৰে বিধায়ক ৰমাকান্ত দেউৰী, কেন্দ্ৰীয় পদাধিকাৰ দেৱজিৎ বৰদলৈকে ধৰি সমাজৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে সমাজৰ ৬০ তম বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম মহোৎসৱৰ আদৰণী সমিতিৰ সম্পাদক পৰমানন্দ দেউৰীয়ে। ইয়াৰ পিছতে সমাজৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। উল্লেখ্য যে ইতিমধ্যে সমাপ্ত হোৱা সমাজৰ ৬০তম বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম মহোৎসৱ সন্দৰ্ভত অনুষ্ঠিত সাধাৰণ সভাখনত উপস্থিত থাকি আদৰণী সমিতিৰ সভাপতি তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে জনজাতীয় লোকসকলক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়। আনকি বিধায়কগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে যিগৰাকী শংকৰদেৱে সকলো জাতি-জনগোষ্ঠীৰ মাজত অস্পৃশ্যতা দূৰ কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেইগৰাকী গুৰুজনাৰ নামকৰণেৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘ খুলি উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ৰূপে পৰিগণিত হৈছে, তেনে অনুষ্ঠানতে কিন্তু আজিও অস্পৃশ্যতা দূৰ হোৱা নাই। গতিকে এনে ক্ষেত্ৰত বৰ্তমান সময়ত জনজাতীয় লোকসকলক ঐক্যবদ্ধ আৰু একত্ৰিত কৰিবলৈ এগৰাকী ধৰ্ম প্ৰচাৰকৰ বিশেষ প্ৰয়োজন হৈছে। আনহাতে, বৰ্তমান সময়ত জনজাতীয় লোকসকলেই কৃষ্ণগুৰু, জয়গুৰু, খ্ৰীষ্টান আদি ধৰ্মত দীক্ষা লৈ ছেদেলি-ভেদেলি হৈ পৰিছে। এনে ক্ষেত্ৰত একশৰণ নামধৰ্ম জনজাতি সমাজকো জাতিটোক ঐক্যবদ্ধ কৰিবলৈ বিধায়ক দেউৰীয়ে আহ্বান জনায়। উল্লেখ্য যে আজি সাধাৰণ সভাখনত হৈ যোৱা সমাজৰ কেন্দ্ৰীয় অধিৱেশন আৰু মহাপালনামৰ হিচাপ দাখিলকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। সাধাৰণ সভাখনত কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে ১৫খনকৈ আঞ্চলিকৰ ভকত-বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে।

প্ৰেৰক আবুল কালাম

You might also like