দক্ষিণ চীন সাগৰলৈ তিনিখন ৰণতৰী প্রেৰণ ভাৰতৰ
🔹 বেইজিঙৰ চোৰাংচোৱা জাহাজৰ বিচৰণৰ প্রত্যুত্তৰ নতুন দিল্লীৰ
বিশেষ বাৰ্তা, ১১ মে’ : ভাৰত মহাসাগৰত এখনৰ পিছত এখন চীনা চোৰাংচোৱা জাহাজৰ বিচৰণে বিভিন্ন দেশৰ উদ্বেগ বৃদ্ধি কৰিছে৷ ইয়াৰ মাজতে চীনা চোৰাংচোৱা জাহাজৰ উপস্থিতিৰ প্রত্যুত্তৰ দিলে ভাৰতীয় নৌসেনাই৷ এইবাৰ দক্ষিণ চীন সাগৰ অভিমুখে প্রেৰণ কৰা হৈছে নৌসেনাৰ তিনিখন ৰণতৰী৷ স্মর্তব্য যে দক্ষিণ চীন সাগৰৰ অধিকাংশ অঞ্চলেই নিজৰ বুলি দাবী কৰি আহিছে বেইজিঙে৷ বেইজিঙৰ এই দাবীক লৈ দীর্ঘদিন ধৰি টাইৱান, ফিলিপাইনছ, ভিয়েটনাম, মালয়েছিয়া, ব্রুনেই আদি দেশে তীব্র আপত্তি দর্শাই আহিছে৷ প্রতিৱেশী এই দেশসমূহৰ সৈতে কমিউনিষ্ট চীনৰ সংঘাত চলি আহিছে বিবদমান জলৰাশিক লৈ৷ ইয়াৰ মাজতে দক্ষিণ চীন সাগৰীয় অঞ্চললৈ ভাৰতে ৰণতৰী প্রেৰণ কৰা বিষয়টোক লৈ বেইজিঙৰ প্রতিক্রিয়া কি হ’ব, তাক লৈ বিশেষজ্ঞসকলৰ মাজত চলিছে চর্চা৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এটা সূত্রই সদৰী কৰা অনুসৰি, ভাৰতীয় নৌসেনাৰ পূর্বাঞ্চলীয় কমাণ্ডে কৌশলগত মোতায়েনৰ অংশ হিচাপেই দক্ষিণ চীন সাগৰলৈ তিনিখন ৰণতৰী প্রেৰণ কৰিছে৷ এই ৰণতৰী তিনিখন এতিয়া ছিংগাপুৰৰ উপকূলত আছে৷ ভাৰতীয় নৌসেনাৰ ৰিয়াৰ এডমিৰেল ৰাজেশ ধনখড়ৰ নেতৃত্বত চলিত সপ্তাহতে তিনিওখন ৰণতৰী দক্ষিণ চীন সাগৰ অভিমুখে প্রেৰণ কৰা হয়৷ ছিংগাপুৰত এই ৰণতৰী তিনিখন উপস্থিত হোৱাৰ লগে লগে দেশখনত থকা ভাৰতীয় ৰাষ্ট্রদূতে নৌসেনাৰ বিষয়া আৰু জোৱানসকলক আদৰণি জনায়৷ অৱশ্যে ছিংগাপুৰত প্রথমে দেশখনৰ নৌ বাহিনীৰ সৈতে যৌথ অনুশীলন চলাব ৰণতৰী তিনিখনে৷