ছিংগাপুৰত পুনৰ ক’ভিড–১৯ৰ সংক্রমণৰ ঢৌ
🔹 মাস্ক পৰিধান কৰিবলৈ নাগৰিকক নির্দেশ স্বাস্থ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১৯ মে’ : ছিংগাপুৰত পুনৰ ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হোৱাক লৈ উদ্বিগ্ণ হৈছে প্রশাসন৷ যোৱা ৫ মে’ৰ পৰা ১১ মে’লৈকে এসপ্তাহতে নতুন ক’ভিড–১৯ৰ ঢৌত ২৫,৯০০তকৈ অধিক লোক সংক্রমিত হৈছে৷ এই নতুন সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ছিংগাপুৰৰ স্বাস্থ্যমন্ত্রী অং য়ে কুঙে নাগৰিকসকলক মাস্ক পৰিধান কৰিবলৈ নির্দেশ দিছে৷ স্বাস্থ্যমন্ত্রী কুঙে ক’ভিডৰ সংক্রমণ বৃদ্ধিক লৈ সাংবাদিকৰ আগত কয়– আমি ক’ভিড–১৯ৰ নতুন ঢৌৰ আৰম্ভণি পর্যায়ত আছোঁ আৰু ইয়াৰ সংক্রমণ ধীৰে ধীৰে বাঢ়িবলৈ ধৰিছে৷ এনেদৰে থাকিলে পৰৱর্তী ২–৩ সপ্তাহৰ ভিতৰত ক’ভিড–১৯য়ে ভয়াৱহ ৰূপ ল’ব৷ জুনৰ মাজভাগত ক’ভিড–১৯ৰ সংক্রমণ শীর্ষত উঠিব৷ চিকিৎসালয়ত ক’ভিড–১৯ ৰোগীৰ ভিৰ বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে ভেকচিনৰ পৰামর্শ আগবঢ়োৱাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ নাগৰিকসকলক নির্দেশ দিছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯য়ে বিশ্ববাসীক ত্রাসিত কৰি সংহাৰৰ সৃষ্টি কৰি থৈ যোৱাৰ পিছত পুনৰ ছিংগাপুৰত এই সংক্রমণ বৃদ্ধি পোৱাটো শংকাজনক৷