নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২২ মে’ : জানক দিনটোৰ ৰাশিফল

জেঠ মাহৰ ৮ তাৰিখ
বুধবাৰঃ তিথি– শুক্লা চতুর্দ্দশী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই

মেষঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিৰ উন্নতি সম্ভৱ৷ এই সময়ছোৱাত শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ কর্মসূত্রত যোগ আছে৷ বিদ্যাত জটিলতা৷ দাম্পত্যত মতানৈক্য৷ শুভ ৰং ৰঙা৷

বৃষঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ ৰাজহুৱা কর্মত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক৷ শৰীৰ মধ্যম৷ শুভ ৰং নীলা৷

মিথুনঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ দেহ ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত বাধা৷ শুভ ৰং কমলা৷

কর্কটঃ চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি৷ বিদ্যাত শুভ৷ শুভ ৰং মেৰুন৷

সিংহঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–মিঘিনিৰ মাজেদি কর্মত সাফল্য৷ প্রেমত শুভ৷ নিবনুৱাৰ কর্ম প্রাপ্তিৰ যোগ৷ বিদ্যাত বাধা৷ শুভ ৰং হালধীয়া৷

কন্যাঃ আর্থিক দিশত এই সময়ছোৱাত উন্নতি৷ যোগাযোগত আশাপূর্ণ অধগতি মানসিকভাৱে বিশেষ ভাল নাযাব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং বগা৷

তুলাঃ পৰাপক্ষত কৰিবলৈ যাওঁতে বিপদত পৰাৰ আশংকা৷ উৎসৱ–পার্বণ আয়োজনত কষ্ট৷ বিবাহ প্রার্থীৰ বিবাহ প্রস্তাৱ আহিব পাৰে৷ প্রেম–প্রণয়ত শুভ৷ শুভ ৰং সেউজীয়া৷

বৃশ্চিকঃ এই সময়ছোৱাত ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ সন্তানক লৈ চিন্তিত৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং ৰঙা৷

ধনুঃ আর্থিকত অসুবিধা পাব পাৰে৷ বন্ধুবর্গৰ পৰা উপকৃত হ’ব৷ সন্তানৰ সুকীর্তি দেখা যায়৷ প্রেমত বাধা হ’ব পাৰে৷ বিদ্যাত বিশৃখংলতাৰ উদ্ভৱ৷ শুভ ৰং ক’লা৷

মকৰঃ সামাজিক কর্মত জড়িতসকলে চাই–চিতি চলিব৷ ব্যৱসায়িক দিশত উন্নতি৷ ভাতৃৰ লগত ঘৰুৱা কথাক লৈ মতানৈক্য হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া৷

কুম্ভঃ এই সময়ছোৱাত আত্মীয়ৰ পৰা সাৱধানে থাকিব৷ ব্যৱসায়িক দিশত উন্নতি লাভৰ যোগ দেখা যায়৷ পাৰিবাৰিক দিশত শুভ৷ প্রেমত মধ্যম৷ শুভ ৰং মেৰুন৷

মীনঃ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ অৱশ্যে এই সময়ছোৱাত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ বিদ্যাত মনোযোগ দিয়ক৷ প্রেমত শুভ ফল৷ শুভ ৰং ক’লা৷

You might also like