নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল এৰেষ্টেৰে সর্বসাধাৰণক প্রৱঞ্চনাত নামিছে চাইবাৰ অপৰাধী চক্র

🔹 আৰক্ষী–ইডি–চিবিআইৰ পৰিচয়েৰে গ্রেপ্তাৰৰ ভাবুকি দি ধন সংগ্রহৰ জাল

বিশেষ বার্তা,  ২৭ মে’ : বেংক একাউণ্টত দীর্ঘকাল ধৰি জমা হৈ থকা গ্রাহকৰ কষ্টোপার্জিত ধন ৱেবছাইট হেকিং কৰি সর্বস্বান্ত কৰাৰ দিন এতিয়া উকলিল৷ এইবাৰ সাধাৰণ ৰাইজৰ ধন হস্তগত কৰিবলৈ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰ কৰিছে স্মার্ট কৌশল৷ ধৰি লোৱা হওক যে সম্ভ্রান্ত ঘৰৰ এগৰাকী পুত্র অথবা কন্যা অধ্যয়নৰ বাবে বহিঃৰাজ্যত আছে৷ মুহূর্ততে শিক্ষার্থীজনৰ পিতৃক এটা কঠোৰ কণ্ঠই ফোনযোগে অৱগত কৰিব যে আপোনাৰ সন্তানে ভয়ানক অপৰাধত লিপ্ত হৈছে৷ গতিকে তেওঁক গ্রেপ্তাৰ কৰা হৈছে৷ আজি তেওঁক বিয়লি আদালতত হাজিৰ কৰি জে’ললৈ প্রেৰণ কৰা হ’ব৷ এই গ্রেপ্তাৰৰ পৰা যদিহে হাত সাৰিবলৈ বিচাৰে তেতিয়াহ’লে আগধন হিচাপে কিছু টকা ইউপিআইৰ মাধ্যমেৰে প্রেৰণ কৰক৷ পুত্র অথবা কন্যাৰ এনে ভয়ানক বিপদৰ কথা শুনি লগে লগে পিতৃগৰাকীয়ে ফোনৰ সিটো মূৰৰ পৰা কৈ থকা কণ্ঠস্বৰৰ নির্দেশত কিছু ধন ইউপিআইৰ মাধ্যমেৰে প্রেৰণ কৰিলে৷ কিন্তু পিছমুহূর্ততে তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ সন্তান দেখোন ঘৰতে মাতৃৰ সৈতে আছে৷ শেহতীয়াকৈ এনেধৰণৰ কেইবাটাও ভয়ানক কাণ্ডই দেশৰ বিভিন্ন প্রান্তত সাধাৰণ ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ সময়তে অসমলৈও এই জাল বিয়পিবলৈ ধৰিছে৷ ডিজিটেল এৰেষ্ট নামেৰে অভিহিত এই নতুন স্মার্ট কৌশলেৰে এতিয়া চাইবাৰ অপৰাধীয়ে নাগৰিকৰ কষ্টোপার্জিত ধন সৰকাই নিয়াৰ জাল পাতিছে৷ গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰঙিয়া, বৰপেটা, সোণাৰি, তিনিচুকীয়া আদিকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ নাগৰিকৰ হোৱাটছএপ নম্বৰলৈ এতিয়া এনেধৰণৰ ফোনকল যাবলৈ ধৰিছে৷ চাইবাৰ অপৰাধীৰ ভয়ংকৰ জালত পৰি বহু লোকে মুহূর্তৰ ভিতৰতে সর্বস্বান্তও হৈছে৷ কিন্তু প্রথম অৱস্থাত লোক নিন্দাৰ ভয়ত বহু লোকে এই কথা ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল যদিও সম্প্রতি বহু কথাই পোহৰলৈ আহিবলৈ ধৰিছে৷ চাইবাৰ অপৰাধী চক্রৰ এনে কর্মকাণ্ডৰ পিছত অপৰাধৰ প্রকৃত উৎস বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম আৰক্ষীত৷ অসম আৰক্ষীৰ বিশেষ সূত্র এটাই সদৰী কৰা মতে, বিগত প্রায় এমাহ ধৰি বহুসংখ্যক এনেধৰণৰ অভিযোগ চাইবাৰ কোষলৈ আহিছে যদিও প্রকৃত অপৰাধীৰ বর্তমানলৈকে সন্ধান উলিয়াব পৰা নাই৷ সর্বসাধাৰণ ৰাইজক ভীতিগ্রস্ত কৰিবলৈ কি কৌশল ব্যৱহাৰ কৰে অপৰাধী চক্রটোৱে? ইয়াৰ উত্তৰত সূত্রটোৱে জানিবলৈ দিয়া মতে, সাধাৰণতে এনেধৰণৰ ফোনকলবোৰ ইণ্টাৰনেটৰ মাধ্যমত অর্থাৎ হোৱাটছএপত কৰা হয়৷ সাধাৰণ জনতাক পতিয়ান নিয়াবলৈ ফোন কৰা নম্বৰটোৰ সংলগ্ণ ডি পিত আৰক্ষী বিষয়াৰ পোছাক পৰিহিত এজন লোকৰ ফটো আপলোড কৰা হয়৷ যাতে ফোনকলটো অহাৰ পাছত নির্দিষ্ট লোকজনে যাতে সেইটোৰ উত্তৰ নিদিয়াকৈ নাথাকে৷ ফোনকলটো গ্রহণ কৰাৰ পিছত সিটো মূৰৰ পৰা কঠোৰ কণ্ঠস্বৰেৰে হিন্দী অথবা ইংৰাজী ভাষাত এটা পুৰুষ কণ্ঠই নির্দিষ্ট লোকজনক ভীতিগ্রস্ত কৰিব৷ নির্দিষ্ট লোকজনৰ পুত্র–কন্যাই ধর্ষণ, ধন–সোণ লুট, হত্যা, গাড়ী নাইবা মটৰচাইকেলেৰে খুন্দা মাৰি মানুহ মৰাৰ দৰে গভীৰ অপৰাধ কৰি আৰক্ষীৰ জালত পৰা বুলি খবৰ দিব৷ যদিহে ফোনটোৰ সিমূৰে থকা ভুক্তভোগী লোকজনে কথাখিনি বিশ্বাস নকৰে, তেন্তে পতিয়ান নিয়াবলৈ ল’ৰা–নাইবা ছোৱালীৰ কণ্ঠৰে কান্দোনৰ শব্দও শুনাব৷ সূত্রটোৱে সদৰী কৰা মতে, শেহতীয়াকৈ বহু লোকে এই ষড়যন্ত্র বুজি উঠাৰ পিছত উক্ত ফোনকলবোৰত গুৰুত্ব নিদিয়াৰ পৰিপ্রেক্ষিতত পুনৰ অপৰাধী চক্রটোৱে নতুন কৌশল অৱলম্বন কৰিছে৷ এইবাৰ ভুক্তভোগী লোকজনক পতিয়ান নিয়াবলৈ তেওঁক ভিডিঅ’ কল কৰাৰ বাবে আহ্বান জনাব অপৰাধী চক্রটোৱে৷ যেতিয়াই ভিডিঅ’ কল কৰে তেতিয়া পূর্বৰে পৰা পৰিকল্পিতভাৱে সাজু কৰি থৈ যোৱা এখন থানাৰ দৃশ্য তেওঁলোকে দেখুৱাব৷ এই পৰিকল্পনা ইমান নিখুঁতভাৱে তেওঁলোকে কৰে যে আৰক্ষীৰ মেৰপেঁচত কেতিয়াও নোসোমোৱা এজন লোকে সঁচাকৈয়ে থানাৰ পৰাই তেওঁক ফোনকল কৰা বুলি ভাবিবলৈ বাধ্য হ’ব৷ পৰিকল্পনা যেতিয়াই সম্পূর্ণ হ’ব তেতিয়াই উক্ত চক্রটোৱে অপৰাধৰ পৰা মুক্ত হ’বলৈ কিছু ধন প্রেৰণ কৰাৰ বাবে লোকজনক আহ্বান জনাব৷ কিবা কাৰণত যদিহে ভুক্তভোগী লোকজনে ধন প্রেৰণ কৰে, তেন্তে সিটো মূৰে থকা অপৰাধী চক্রটোৱে লগে লগে তেওঁৰ বেংকৰ একাউণ্টত থকা বাকীখিনি ধন হস্তগত কৰে৷ শেহতীয়াকৈ প্রায় এমাহ ধৰি ৰঙিয়াৰ এখন শিক্ষানুষ্ঠানৰ শিক্ষয়িত্রী, প্রতিষ্ঠিত ব্যৱসায়ীৰ পত্নীকে ধৰি কেইবাগৰাকীও ভুক্তভোগীক এইধৰণৰ ফোনকলে ব্যতিব্যস্ত কৰাৰ লগতে মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ আহিছে৷ ৰঙিয়াৰ শিক্ষয়িত্রীগৰাকীয়ে ৫ হাজাৰ টকাপর্যন্ত অপৰাধী চক্রটোক ইউপিএ মাধ্যমেৰে প্রেৰণ কৰিছে৷ গুৱাহাটী মহানগৰীৰ নাম প্রকাশত অনিচ্ছুক এগৰাকী ব্যৱসায়ীয়ে এই চক্রৰ ফান্দত পৰি ২০ হাজাৰ টকা প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রটোৱে জানিবলৈ দিয়া মতে, প্রায়ভাগ ফোনকলেই ৯২ নম্বৰেৰে আৰম্ভ হয়৷ যিহেতু ভাৰতবর্ষৰ আইএছডি কোড+৯১ হয় গতিকে উক্ত নম্বৰটো পাকিস্তানৰ বুলি সন্দেহ কৰা হৈছে৷ সম্প্রতি তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে সকলো তথ্য সংগ্রহ কৰিছে যদিও মূল অভিযুক্তৰ সন্ধান উলিয়াব পৰা নাই৷ সূত্রটোৰ মতে, যিহেতু ফোনটো হোৱাটছএপৰ মাধ্যমত কৰা হয়, গতিকে লগে লগে তাক ট্রেক কৰাটো সম্ভৱ নহয়৷ তথাপি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে অসমৰ চাইবাৰ অপৰাধৰ ঘাটি হৈ পৰা মৰিগাঁও জিলাত বিগত ডেৰ বছৰত ২০৩জন চাইবাৰ অপৰাধীক মৰিগাঁও জিলা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ চাইবাৰ অপৰাধী চক্রৰ এই কৌশলক প্রত্যক্ষ কৰি শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে সমগ্র বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি তদন্ত আৰম্ভ কৰিছে৷ কেন্দ্রীয় নিৰাপত্তা সংস্থা, ইডি, চিবিআই, আৰবিআই আদিকে ধৰি বিভিন্ন সংস্থাৰ নামত প্রতাৰণা কৰি সর্বসাধাৰণক ভীতিগ্রস্ত কৰা এনে কৌশলৰ বিৰুদ্ধে সতর্ক হ’বলৈ মন্ত্রালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ আৰক্ষীক হাইএলার্ট প্রেৰণ কৰিছে৷ এনেধৰণৰ কার্যকলাপ সংঘটিত হোৱা মাত্রকে কেন্দ্রীয় সংস্থাক অৱগত কৰাৰো নির্দেশ গৃহ মন্ত্রালয়ে প্রেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ দেশজুৰি হৈ থকা চাইবাৰ অপৰাধীৰ এই ভয়ংকৰ জালৰ পৰা পৰিত্রাণ পাবলৈ শেহতীয়াকৈ অসম আৰক্ষীয়েও সামাজিক মাধ্যমযোগে সতর্কবাণী প্রেৰণ কৰিছে৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে প্রথমে স্থানীয় আৰক্ষীক যোগাযোগ কৰাৰ লগতে অনলাইনযোগে টকা আদায় নিদিবলৈ অসম আৰক্ষীয়ে সাধাৰণ ৰাইজক আহ্বান জনাইছে৷ আৰক্ষী সূত্রটোৱে জানিবলৈ দিয়া মতে, এনেধৰণৰ ভুৱা, প্রৱঞ্চকৰ দলৰ পৰা সতর্ক হৈ থাকিবলৈ, কোনোধৰণৰ অচিনাক্ত ঠাইত নিজৰ ম’বাইল নম্বৰ নিদিবলৈ সাধাৰণ ৰাইজক অনুৰোধ জনাইছে৷

You might also like