নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত হেৰ’ইনসহ দুজন ব্যক্তিক আটক

নিয়মীয়া বাৰ্তা ,২৭ মে’ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা অতি সম্প্ৰতি নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিত পৰিণত হৈছে। জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহাই নৱপ্ৰজন্মক ধ্বংসৰ গহ্বৰলৈ ঠেলি দিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰকাৰপাৰা গাঁৱৰ পৰা মানকাচৰ আৰক্ষীয়ে সন্দেহযুক্ত হেৰ’ইনসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কালি সন্ধিয়াৰ আগে আগে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপক বৰগয়াৰীৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি উপ-পৰিদৰ্শক ইলিয়াছ হুছেইন, সহকাৰী উপ-পৰিদৰ্শক আবুল কালাম আজাদসহ আৰক্ষীৰ দল এটাই মানকাচৰৰ নাতিদূৰৈৰ সৰকাৰপাৰা গাঁৱৰ নাৰ্জু মিঞাৰ পুত্ৰ ছাকিৰুল ইছলামৰ ফল-মূলৰ দোকান এখনত অতৰ্কিতে অভিযান চলায়। নিউ মাৰ্কেটত থকা ফল-মূলৰ দোকানৰ পৰা অভিযান কালত কেইবাটাও কণ্টেইনাৰত ৫ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ফলৰ দোকানৰ মালিক ছাকিৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে গ্ৰেপ্তাৰ কৰা হৈছে হেৰ’ইনৰ যোগানকাৰী মানকাচৰৰ ২নং পুৱেৰ গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ মাহালমক। এই সন্দৰ্ভত মানকাচৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। ধৃত ব্যক্তিদ্বয়ক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like