নিয়মীয়া বাৰ্তা, ২৭ মে’ : শোণিতপুুৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জগত বিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ দেখা গ’ল দুষ্প্ৰাপ্য হিমালয়ান চিৰো (HIMALAYAN SEROW)। উদ্যানখনৰ কৰ্তৃপক্ষই কাকতক সদৰী কৰা অনুসৰি, উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰচ’ৰাত চলোৱা কেমেৰা ট্ৰেপিঙৰ চতুৰ্থ ৰাউন্টত কেমেৰাত ধৰা পৰিছে এইবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ জন্তু। এই সন্দৰ্ভত উদ্যানখনৰ বনবিষয়া দেৱাশীষ বুঢ়াগোহাঞিয়ে কয় যে এয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ বনবিভাগ, জৈৱ-বৈচিত্ৰ্যতাৰ বাবে নিশ্চয়কৈ এক সুখবৰ। জন্তুবিধক সংৰক্ষণ কৰাতো সকলোৰে দায়িত্ব। উল্লেখ্যে যে হিমালয়ান চিৰোৰ বৈজ্ঞানিক নাম কেপৰিকৰ্ণিছ চুমাত্ৰায়নচিচ থৰ। ই হ’ল এবিধ মধ্যকায়, ডাঙৰ মূৰ, চুটি ডিঙিযুক্ত, ডাঠ নোমযুক্ত জন্তু। প্ৰকৃতাৰ্থত এইবিধ জন্তু হিমালয়ান অঞ্চলৰ ২০০০ৰ পৰা ৪০০০ মিটাৰ পৰ্যন্ত উচ্চতাত পোৱা যায়। ইয়াক সততে পূব, কেন্দ্ৰীয় আৰু পশ্চিম হিমালয় অঞ্চলত পোৱা যায়। সংৰক্ষণৰ ক্ষেত্ৰত এইবিধ জন্তুক আই চি ইউ এনৰ ভালনাৰেবেল জন্তুৰ তালিকাত, চাইটছৰ এপেনডিক্স ১ত , বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ত চিডিউল ১ত স্থান দিয়া হৈছে।
প্ৰেৰক প্ৰাঞ্জল বৰা