নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনডিএ জিকিলে ‘কর্তব্য পথ’ত শপত ল’ব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : নির্বাচনত বিজেপি তথা এনডিএই জয়লাভ কৰিলে পুনৰ ৰাষ্ট্রপতি ভৱনত শপতগ্রহণ নকৰে নৰেন্দ্র মোদীয়ে৷ ইয়াৰ পৰিৱর্তে নতুন দিল্লীৰ কর্তব্য পথত তৃতীয়বাৰ প্রধানমন্ত্রী হিচাপে শপত ল’ব পাৰে মোদীয়ে৷ বিজেপিৰ এক সূত্রই এই কথা সদৰী কৰিছে৷ স্বাধীনতাৰ ৭৫ বছৰপূর্তি উপলক্ষে ২০২২ চনত ৰাইছিনা হিলছৰ ৰাষ্ট্রপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈকে ‘ৰাজপথ’ৰ নাম সলনি কৰি ‘কর্তব্য পথ’ কৰিছিল মোদীয়ে৷ আগন্তুক ৯ জুনত এই পথৰ মুকলি মঞ্চত মোদীয়ে তৃতীয়বাৰলৈ প্রধানমন্ত্রী পদত শপত ল’ব পাৰে বুলি বিজেপিৰ সূত্রই সদৰী কৰিছে৷ ২০১৪ৰ লোকসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ বিপুল জয়ৰ পিছত ৰাষ্ট্রপতি ভৱনৰ সন্মুখত শপত লৈছিল মোদীয়ে৷ ২৬ মে’ত শপতবাক্য পাঠ কৰাইছিল তেতিয়াৰ ৰাষ্ট্রপতি প্রণৱ মুখার্জীয়ে৷ ২০১৯ চনৰ ৩০ মে’ত দ্বিতীয়বাৰ প্রধানমন্ত্রী হিচাপে সেই স্থানতেই তেতিয়াৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে শপতবাক্য পাঠ কৰাইছিল মোদীক৷ কিন্তু এইবাৰ প্রধানমন্ত্রী হোৱাৰ সুযোগ পালে কর্তব্য পথৰ মুকলি মঞ্চত মোদীয়ে শপত ল’ব বুলি বিজেপি সূত্রই সদৰী কৰিছে৷

You might also like