নিৰ্বাচনী প্রচাৰ সামৰি কন্যাকুমাৰীত ৪৫ ঘণ্টীয়া ধ্যানত বহিল মোদী
🎯 প্রধানমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত দুই সহস্রাধিক আৰক্ষী কর্মী
🎯 উপকূলৰক্ষী বাহিনী-নৌসেনাৰ তীক্ষ্ণ নজৰত থাকিব সমগ্র অঞ্চল
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : দীর্ঘদিনীয়া লোকসভা নির্বাচনৰ প্রচাৰ অভিযানৰ অন্ত পেলাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তামিলনাডুৰ কন্যাকুমাৰীত থকা বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যানৰ বাবে উপস্থিত হয়৷ বিবেকানন্দ ৰক মেম’ৰিয়েলৰ ‘ধ্যান মণ্ডপম’ত ৪৫ ঘণ্টা ধৰি সাধনা কৰিব প্রধানমন্ত্রীগৰাকীয়্৷ উল্লেখনীয় যে ২০১৯ৰ লোকসভা নির্বাচনৰ অন্তিম পর্যায়ৰ প্রচাৰ অভিযানৰ অন্ত পেলাই সেইবাৰ কেদাৰনাথ গুহাত দুদিনীয়া ধ্যানত বহিছিল প্রধানমন্ত্রী মোদী৷ এইবাৰো মোদীয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যানত বহাৰ সিদ্ধান্ত লয়৷ পহিলা জুনৰ সন্ধিয়ালৈ মোদীৰ এই সাধনা অব্যাহত থাকিব৷ স্মর্তব্য যে ১৩১ বছৰ পূর্বে এই স্থানতেই স্বামী বিবেকানন্দই ধ্যান কৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যানত বহাৰ পূর্বে কন্যাকুমাৰীৰ ভাগবথী আম্মান মন্দিৰত পূজা–অর্চনা কৰে৷ মন্দিৰটোত প্রার্থনা কৰাৰ সময়ত শুভ্র ধুতী আৰু চল পৰিধান কৰে মোদীয়ে৷ মন্দিৰটোৰ গর্ভগৃহত পূজাৰীসকলে বিশেষ আৰতি দিয়াৰ পিছত প্রধানমন্ত্রীলৈ আগবঢ়োৱা হয় প্রসাদ৷ উল্লেখনীয় যে ২০১৪ চনত প্রথমবাৰ লোকসভালৈ নির্বাচিত হোৱাৰ পূর্বে মোদীয়ে শিৱাজীৰ প্রতাপগড় ভ্রমণ কৰিছিল৷ ইফালে প্রধানমন্ত্রী মোদীয়ে এনেদৰে ‘ধ্যান মণ্ডপম’ত সাধনাত বহাৰ পূর্বে নির্বাচন আয়োগত অভিযোগ দাখিল কৰে কংগ্রেছে৷ কংগ্রেছে অভিযোগ কৰা অনুসৰি প্রধানমন্ত্রীৰ এই বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যানে নির্বাচনৰ আদর্শ আচৰণবিধি উলংঘা কৰিব৷ প্রচাৰ শেষ হোৱাৰ পিছত প্রত্যক্ষ বা পৰোক্ষভাৱে নির্বাচনক প্রভাৱিত কৰিব পৰা কার্য আদর্শ আচৰণবিধিৰ উলংঘা বুলি আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে কংগ্রেছে৷ আনকি মোদীৰ এই ধ্যান বন্ধ কৰিব লাগে বুলিও দাবী জনায় কংগ্রেছে৷ ইফালে তৃণমূল কংগ্রেছৰ শীর্ষ নেত্রী মমতা বেনার্জীয়েও মোদীৰ এই ধ্যানে আদর্শ আচৰণবিধি উলংঘা কৰিব বুলি অভিযোগ তুলিছে৷ বিৰোধী দলসমূহে প্রধানমন্ত্রীৰ কন্যাকুমাৰীত এই ভক্তিভৰা সাধনাক লৈ আয়োগত আপত্তি দর্শাইছে যদিও নির্বাচন আয়োগে এই বাতৰি যুগুতোৱাৰ পৰলৈ বিষয়টো সন্দর্ভত কোনো মতামত আগবঢ়োৱা নাই৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদী কন্যাকুমাৰীত উপস্থিত হোৱাৰ লগে লগে তীর্থনগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়৷ মোদীৰ এই ধ্যানৰ সময়ত ২ সহস্রাধিক আৰক্ষী কর্মীয়ে প্রধানমন্ত্রীগৰাকীক্ নিৰাপত্তা প্রদান কৰিব৷ ইফালে উপকূলৰক্ষী আৰু নৌ সেনাই নজৰত ৰাখিব সমগ্র অঞ্চলটো৷ অর্থাৎ প্রতিমুহূর্ততে প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰত নিৰীক্ষণ চলাব নৌ সেনা আৰু উপকূলৰক্ষীয়ে৷ স্মর্তব্য যে ১৮৯২ চনত সমগ্র দেশ ঘূৰি আহি তামিলনাডুৰ কন্যাকুমাৰীত উপস্থিত হৈছিল স্বামী বিবেকানন্দ৷ মূল ভূখণ্ডৰ পৰা ৫০০ মিটাৰ দূৰৈৰ এটা শিলত বহি বিবেকানন্দই ৩ দিন ধ্যান কৰিছিল৷ ইয়াতেই বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰব সাগৰ আহি লগ হৈছে৷ ধাৰণা কৰা হয় যে এই তিনি সাগৰৰ সংগমস্থলীত আলোকপ্রাপ্ত হৈছিল বিবেকানন্দ৷ হিন্দু ধর্মৰ বিশ্বাস অনুসৰি য’ত শিৱৰ বাবে পার্বতীয়ে তপস্যা কৰিছিল, তাতেই আছে এই শিলাখণ্ড৷ সেই শিলাখণ্ডক ‘ধ্যান মণ্ডপম’ বুলি জনা যায়৷ ইয়াতেই ধ্যানত বহিব প্রধানমন্ত্রী মোদী৷ স্বামী বিবেকানন্দই এই স্থানত পৰাধীন দেশৰ ভৱিষ্যৎ চিন্তাত মগ্ণ হৈ ধ্যানত বহিছিল৷ আন্ধাৰ নাশি পোহৰৰ পথ বিচাৰি পাইছিল বিবেকানন্দই৷ ১৯৭০ চনত সেই স্থানত বিবেকানন্দ ৰক মেম’ৰিয়েল স্থাপন কৰা হয়৷ এতিয়া বহুতেই কন্যাকুমাৰী ভ্রমণ কৰিবলৈ গ’লে বিবেকানন্দ ৰকত ধ্যানত বহে৷ প্রধানমন্ত্রী মোদীয়ে দেশৰ উন্নয়ন তথা ঐক্যৰ বাবে ইয়াত সাধনাত বহিব বুলি বিজেপিৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷