নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাৰঙী হৈ পৰিছে আলাস্কাৰ নদীৰ পানী

🔹 জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ প্রতিচ্ছবি

বিশেষ বাৰ্তা, ১ জুন : আমেৰিকা যুক্তৰাষ্ট্রৰ ভূ–তাত্ত্বিক জৰীপ আৰু কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ নেচনেল পার্ক ছার্ভিচে চলোৱা অধ্যয়নত আলাস্কাৰ নদীসমূহৰ ওপৰত জলবায়ু পৰিৱর্তনৰ ভয়াৱহ পৰিণাম প্রতিফলিত হৈছে৷ আলাস্কাৰ নদীসমূহৰ পানী ক্রমান্বয়ে কমলাৰঙী হৈ পৰিছে৷ পানীবোৰ কমলাৰঙী হৈ উঠাত এই পানীবোৰ ব্যৱহাৰৰ ক্ষেত্রত বিপজ্জনক স্থিতি এটাৰ সৃষ্টি হৈছে৷ আনপিনে নদীবোৰত থকা মাছ–কাছৰ উপৰি জলজ প্রাণী–উদ্ভিদলৈ শংকা নমাই আনিছে৷ আলাস্কাৰ ব্রুকছ ৰেঞ্জৰ ৭৫তকৈ অধিক নদীৰ স্থানত গৱেষণা চলাই দলটোৱে এই আশ্চর্যজনক আৰু ভয়াৱহ তথ্য লাভ কৰিছে৷ নদী আৰু জলাধাৰসমূহ ক্রমান্বয়ে প্রদূষিত হৈ পানী কমলাৰঙী হৈ উঠিছে৷ বিগত ৫ৰ পৰা ১০ বছৰৰ ভিতৰত এই নদীবোৰ ভয়াৱহ প্রদূষণৰ লগতে জলবায়ু পৰিৱর্তনৰ ফলশ্রুতিত এনে ৰূপ পাইছে বুলি গৱেষণাৰ প্রতিবেদনখনত প্রকাশ পাইছে৷ জার্নেল কমিউনিকেচন : আর্থ এণ্ড এনভাইৰনমেণ্টত এই গৱেষণাৰ প্রতিবেদনখন প্রকাশ পাইছে৷ প্রতিবেদনত উল্লেখ কৰা মতে লো, দস্তা, তাম, নিকেল আৰু সীহজাতীয় ধাতুৰ বাবে নদীবোৰৰ পানীয়ে ৰং সলাইছে আৰু ইয়ে জলজ জীৱ–উদ্ভিদলৈ শংকা নমাই আনিছে৷ বিষাক্ত নদী আৰু জলসুঁতিৰ পৰিস্থিতিতন্ত্র জলবায়ু পৰিৱর্তনে সলনি কৰি পেলাইছে বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লক্ষণীয় যে প্রতিবেদনত আলাস্কাৰ নদীসমূহৰ বিষয়ে এই তথ্য প্রকাশ কৰা হৈছে যদিও পৃথিৱীৰ যিকোনো স্থানতে নদীয়ে পৰৱর্তী সময়ত এনে ৰূপ লোৱাৰ সম্ভাৱনা আছে৷

You might also like