বিশেষ বাৰ্তা, ৩ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাকমুহূৰ্তত আজি সোণাৰিত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ সোণাৰি ৰজাধাপস্থিত বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত হৈ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয়৷ বিশেষকৈ কাইলৈ ভোট গণনাৰ সময়ছোৱাত পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে৷ আলোচনাৰ অন্ততঃ সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত সভাপতি বৰাই কয় যে এইবাৰ যোৰহাটত গৌৰৱৰ জয় নিশ্চিত৷ যোৰহাটৰ শিক্ষিত, সচেতন, সংস্কৃতিবান ৰাইজে কাক ভোটদান কৰিব লাগে সেয়া ভালকৈ জানে। যদিও গৌৰৱ কংগ্ৰেছৰ প্ৰাৰ্থী কিন্তু যোৰহাটৰ উচ্চশিক্ষিত-সংস্কৃতিবান ৰাইজে এইবাৰ গৌৰৱৰ হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে৷ গৌৰৱক যোৰহাটৰ ৰাইজে সমষ্টিত নিৰ্বাচন খেলিবৰ বাবে মাতি আনিছে। গতিকে এইবাৰ গৌৰৱৰ পক্ষত যোৰহাটবাসীয়ে হিলদল ভাঙি ভোটদান কৰিছে। বহুত ভোটৰ ব্যৱধানত তপন গগৈ পৰাজিত হ’ব। এইবাৰ যোৰহাটৰ জয় মানে অসমৰ জয়৷ যোৰহাটবাসী ৰাইজ তথা আমাৰ দলৰ নেতা-কৰ্মীসকলৰ উজ্বলি থকা থকা মুখবোৰ দেখিয়ে মই গম পাই গৈছোঁ আমাৰ ফলাফল কেনেকুৱা হ’ব। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে৷ বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷ বিজেপিয়ে চিংগল ডিজিট আসন পাব৷ সমগ্ৰ অসম ঘুৰি মই নিশ্চিত হৈছোঁ ২০২১ৰ তুলনাত আমাৰ বিৰোধীৰ বহু ভোট বৃদ্ধি পাব৷ আনহাতে, এগজিট পলত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ পোৱা সমীক্ষা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে, এগজিট পোল কেতিয়াও এগজেক্ট পোল নহয় ৷ বিজেপি দল-চৰকাৰ সমৰ্থিত কোনোবা সংবাদ মাধ্যম বা এজেন্সিয়ে বিজেপিৰ সমৰ্থনত সমীক্ষা প্ৰকাশ কৰিলেই জয়ী হৈ নাযায় ৷ কাইলৈ ১২ বজাৰ পাছতহে সঠিক ফলাফল পোৱা যাব।
প্ৰেৰক দীপাংকৰ পাল