নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীৰ এছিয়ান কিডছ্ ইংলিছ স্কুলত শিক্ষাৰ্থীৰ মাজত গছপুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ অভয়াপুৰীৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এছিয়ান কিডছ ইংলিছ স্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে আজি পৰিৱেশ দিৱস পালন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ জগদীশ্বৰ দাসে পৰিৱেশ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে। বিদ্যালয় চৌহদত গছপুলি ৰোপন কৰি ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ চৌহদৰ বাহিৰলৈও সেউজ পদক্ষেপক সম্প্ৰসাৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ কৰা হয় ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীক ঘৰতে গছ ৰোপণ কৰি গছক আপডাল কৰি গছৰ যত্ন আৰু বৃদ্ধিৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা হয়। আজিৰ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে গীতো পৰিৱেশন কৰে ৷

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like