নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত ডীনাৰ পার্টী আয়োজনেৰে বিপদত বাবৰ বাহিনী

🔹 টি–২০ বিশ্বকাপৰ পূর্বে বিতর্কত পাকিস্তান ক্রিকেট দল

বিশেষ বাৰ্তা, ৬ জুন : বিতর্কই লগ নেৰা হৈছে পাকিস্তান ক্রিকেট দলক৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত পূর্ণগতিত চলি থকা আইচিচি টি–২০ বিশ্বকাপৰ নিজৰ প্রথমখন মেচৰ পূর্বে আন এক বিতর্কৰ মাজত সোমাই পৰে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান দলটো৷ বিশ্বকাপত অভিযান আৰম্ভ কৰাৰ পূর্বে ব্যক্তিগত ডীনাৰ পার্টী আয়োজন কৰে পাক দলটোৱে৷ আমেৰিকাত আয়োজন কৰা এই পার্টীলৈ আমন্ত্রণ জনোৱা হৈছিল ক্রিকেট অনুৰাগীক৷ অৱশ্যে এই পার্টীত যোগ দিয়াৰ বাবে অনুৰাগীসকলে বহু টকা খৰচ কৰিবলগীয়া হয়৷ খবৰ অনুসৰি ব্যক্তিগত ডীনাৰ পার্টীৰ প্রৱেশ মূল্য আছিল ২৫ আমেৰিকান ডলাৰ৷ আমেৰিকাত এই ডীনাৰ পার্টী আয়োজন কৰি বিতর্কৰ সন্মুখীন হৈছে দলটোৰ লগতে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ পাকিস্তান ক্রিকেট দলটোৰ এই ডীনাৰ পার্টীক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে পাক দলটোৰ প্রাক্তন খেলুৱৈ ৰছিদ লতিফে৷ বিশ্বকাপৰ নিজৰ প্রথমখন মেচ খেলাৰ পূর্বে পাকিস্তান দলটোৰ এই ব্যক্তিগত ডীনাৰ পার্টীৰ আয়োজক কোন আছিল বুলিও প্রশ্ণ উত্থাপন কৰি লতিফে লগতে কয় যে ক্রিকেটাৰসকলৰ ভাবমূর্তি বেয়া হৈ আহিছে৷ এই ঘটনাৰ লগত আর্থিক দিশ জড়িত হৈ আছে৷ কোনো সংগঠনে যদি ভাল কামৰ বাবে এনেদৰে ধন লৈছে তেতিয়া হ’লে তাত যোগদান কৰাটো মানৱীয় কর্তব্য৷ আমাৰ সময়ত এনেকুৱা হোৱা নাছিল৷ যেতিয়া আমি বিশ্বকাপ খেলিবলৈ গৈছিলোঁ তেতিয়া দুই–তিনিটা ডীনাৰ পার্টী কৰিবলৈ গৈছিলোঁ৷ আটাইকেইটা চৰকাৰে আয়োজন কৰিছিল বুলি ৰছিদ লতিফে ব্যক্ত কৰে৷ উল্লেখ্য যে ইয়াৰ পূর্বে বিশ্বকাপ খেলিবলৈ আমেৰিকাত উপস্থিত হোৱাৰ পিছত দলটোৰ ক্রিকেটাৰ আজম খানে টকাৰ বাণ্ডিলেৰে কপালৰ ঘাম মচি বিতর্কত লিপ্ত হৈছিল৷ ইপিনে, অধিনায়ক বাবৰ আজমে কার্যক্ষেত্রত আজম খানৰ ওজনক লৈ ধেমালি কৰি বিতর্কৰ সৃষ্টি কৰিছিল৷ এইবাৰ পাক দলটোৱে ব্যক্তিগত ডীনাৰ পার্টী আয়োজন কৰি আন এক বিতর্কৰ সৃষ্টি কৰিছে৷

You might also like