অবিশ্বাস্য : পৃথিৱীত প্রতিদিনে ভেজাল খাদ্য খাই ১৬ লাখ অসুস্থ
🔹 বিশ্ব খাদ্য নিৰাপত্তা দিৱসত ‘হু’ৰ শিহৰণকাৰী তথ্য
বিশেষ বাৰ্তা, ৮ জুন : দূষিত বা ভেজাল খাদ্য খাই দক্ষিণ–পূব এছিয়াত প্রতিদিনে বহু লোক অসুস্থ হৈ পৰে৷ আফ্রিকাৰ পিছতে এই ক্ষেত্রত দ্বিতীয় স্থানত আছে দক্ষিণ–পূব এছিয়া৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ আঞ্চলিক সঞ্চালক ছাইমা ৱাজেডে এই কথা ঘোষণা কৰিছে৷ খোৱাৰ অনুপযুক্ত হৈ পৰা খাদ্য গ্রহণ কৰাৰ ফলত প্রতিদিনে বিশ্বত ১৬ লাখ লোক অসুস্থ হৈ পৰে৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এক প্রতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে৷ সংস্থাটোৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি খোৱাৰ অনুপযুক্ত তথা অনিৰাপদ অৱস্থাত থকা খাদ্য গ্রহণ কৰাৰ ফলত এনেদৰে প্রতিদিনে বহু মানুহ অসুস্থ হ’বলগীয়া হৈছে সমগ্র পৃথিৱীত৷ এনে খাদ্য গ্রহণ কৰি অসুস্থ হৈ পৰা লোকসকলৰ ৪০ শতাংশই হৈছে শিশু৷ ছাইমা ৱাজেডে উল্লেখ কৰা অনুসৰি ৫ বছৰৰ তলৰ শিশুসকলক খাদ্য দিয়াৰ ক্ষেত্রত অধিক সাৱধানতা অৱলম্বন কৰিব লাগে যদিও এই শিশুসকলেই আটাইতকৈ বেছি অনুপযুক্ত খাদ্য গ্রহণ কৰিবলগীয়া হয়৷ নিৰাপদ অৱস্থাত নথকা খাদ্য গ্রহণ কৰাৰ ফলত শিশুসকল অপুষ্টিৰ চিকাৰ হ’বলগীয়া হয়৷ আনকি ইয়াৰ ফলত শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধিও পায়৷ উল্লেখনীয় যে কালি বিশ্ব খাদ্য নিৰাপত্তা দিৱসৰ সৈতে সংগতি ৰাখি এক বিবৃতি প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সংস্থাটোৰ এই বিবৃতিৰ উদ্ধৃতি দি সংবাদ সংস্থা আইএএনএছে উল্লেখ কৰিছে যে প্রতিদিনে ১৬ লাখ লোক খাদ্য গ্রহণ কৰি অসুস্থতাৰ সন্মুখীন হ’বলগীয়া হোৱাটো অতি পৰিতাপৰ কথা৷ ভেজাল বা খোৱাৰ অনুপযুক্ত খাদ্য গ্রহণৰ ফলত বিশ্বত অসুস্থ লোকৰ চিকিৎসাৰ খৰচ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অনুন্নত তথা উন্নয়নশীল দেশসমূহত প্রতি বছৰে এনে অসুস্থতাৰ বাবে চিকিৎসাৰ নামত খৰচ হৈ আছে ১১ হাজাৰ কোটি ডলাৰ৷