মিত্রতাৰ ৰাজনীতি
দেশৰ ৰাজনীতিত অভিলেখ গঢ়ি তৃতীয়বাৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছে নৰেন্দ্র মোদী৷ অষ্টাদশ লোকসভা নির্বাচনৰ জনাদেশৰ ভিত্তিত বিজেপি তথা এনডিএৰ সংসদীয় দলে বাছনি কৰা মোদীয়ে দেওবাৰে প্রধানমন্ত্রীৰ শপত লয়৷ প্রধানমন্ত্রীৰ শপতগ্রহণ অনুষ্ঠানত বিশ্বৰ কেইবাগৰাকীও নেতাই অংশগ্রহণ কৰে৷ ইয়াৰ ভিতৰত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনা, নেপালৰ প্রধানমন্ত্রী পুষ্পকমল দাহাল, শ্রীলংকাৰ ৰাষ্ট্রপতি ৰণিল ৱিক্রমসিংহে, মালদ্বীপৰ ৰাষ্ট্রপতি মহম্মদ মুইজ্জু, মৰিছাছৰ প্রধানমন্ত্রী প্রৱিন্দ জুগনাথ, ভূটানৰ প্রধানমন্ত্রী চেৰিং টোবগে আদি অন্যতম৷ একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো কোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতি আৰু জনগণৰ সীমাহীন প্রত্যাশা পূৰণ কৰি বিশ্বৰ সর্ববৃহৎ গণতন্ত্রত একেৰাহে ক্ষমতাৰ বাঘজৰী ধৰি ৰখাটো এক বৃহৎ প্রত্যাহ্বান৷ সাধাৰণতে দেশৰ সিংহভাগ লোকে দেশ তথা ব্যক্তিগত জীৱনৰ ভাগ্যৰ চকৰি ঘূৰাবলৈ চৰকাৰ পৰিৱর্তনৰ এক প্রত্যাশা মনত পুহি ৰাখে৷ এনে পৰিৱর্তনৰ ধাৰা জনগণৰ মাজত সৃষ্টি হোৱাটো এক স্বাভাৱিক আৰু সাধাৰণ ঘটনাত পৰিণত হৈছে৷ জনগণৰ এনে স্থিতিৰ বাবে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণৰ চেষ্টাত ক্ষমতাত থকা দলসমূহে অত্যধিক গুৰুত্ব প্রদান কৰিছে৷ দেশ তথা ৰাজ্যসমূহৰ সামগ্রিক উন্নয়নত চৰকাৰসমূহে শেহতীয়াকৈ যিমান গুৰুত্ব দিছে তাতোকৈ বহুগুণে হিতাধিকাৰী সৃষ্টিৰ আঁচনিত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ হিতাধিকাৰী সৃষ্টিৰ এনে ৰাজনীতিক দেশৰ কৰদাতাসকলে মনে–প্রাণে পছন্দ নকৰে৷ মধ্যবিত্ত শ্রেণীৰ সিংহভাগ লোকেও হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে দেশৰ উন্নয়নমূলক কাম–কাজত চৰকাৰে অধিক গুৰুত্ব দিয়াটো বিচাৰে৷ কিন্তু ক্ষমতা দখল অবিহনে ৰাজনৈতিক দলসমূহৰ সাংগঠনিক স্থিতি শক্তিশালী হৈ নাথাকে৷ সাংগঠনিক শক্তি অবিহনে ক্ষমতা দখল কৰাটো সহজ নহয়৷ ক্ষমতাৰ বাঘজৰীৰ স্বার্থতে দেশৰ প্রধান ৰাজনৈতিক দলসমূহে নির্বাচনৰ সময়ত প্রতিশ্রুতিৰ বন্যা বোৱাবলৈ অঘোষিত প্রতিযোগিতাত নামিছে৷ কংগ্রেছেও এইবাৰ অসংখ্য নির্বাচনী প্রতিশ্রুতি দিছিল৷ তাৰ ভিতৰত ক্ষমতালৈ আহিলে দেশৰ মহিলাসকলক বছৰি ১ লাখ টকাকৈ বেংক একাউণ্টত প্রদান, ৩০ লাখ নিবনুৱাক চাকৰি, ২৫ লাখ টকালৈ বিনামূলীয়া চিকিৎসাৰ সুবিধা, জাতিভিত্তিক আর্থ–সামাজিক জৰীপ, কৃষিজাত সামগ্রীৰ ন্যূনতম মূল্য নির্ধাৰণ আৰু কৃষকৰ ঋণ ৰেহাইৰ আইনী গেৰাণ্টী আদি আছিল অন্যতম৷ একেদৰে বিগত দহবছৰীয়া চৰকাৰৰ বিকাশৰ যাত্রাক আৰু অধিক দ্রুতগতিত আগবঢ়াই নিয়াৰ প্রতিশ্রুতিৰে বিজেপি তথা এনডিএৰ অংশীদাৰ দলসমূহে নির্বাচনী যুঁজত নামিছিল৷ অষ্টাদশ লোকসভা নির্বাচনৰ ফলাফল নিশ্চিতভাৱে এইবাৰ আছিল বিশেষ তাৎপর্যপূর্ণ৷ কিয়নো এইবাৰ নির্বাচনী জনাদেশে কোনো এটা বিশেষ ৰাজনৈতিক দলক ক্ষমতা দখলৰ জোখাৰে একক সংখ্যাগৰিষ্ঠতা প্রদান কৰা নাই৷ বিজেপিয়ে সর্বাধিক আসন লাভ কৰিলেও এনডিএৰ অংশীদাৰ দলসমূহৰ সহযোগতহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷
৯০ৰ দশকৰ পৰাই দেশত ৰাজনৈতিক ক্ষেত্রখনৰ বিশেষ পৰিৱর্তন পৰিলক্ষিত হৈছে৷ দেশে স্বাধীনতা লাভ কৰাৰ প্রায় তিনি দশক কংগ্রেছে ধাৰাবাহিকভাৱে একক ক্ষমতাৰে চৰকাৰ গঠন কৰাৰ ধাৰা সলনি হৈছে৷ ৰাজ্যভিত্তিক গঢ়ি উঠা আঞ্চলিক দল আৰু শক্তিসমূহে দেশৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰাই নহয়, চৰকাৰ গঠনৰ ক্ষেত্রতো নির্ণায়ক হৈ উঠিছে৷ এইবাৰ নির্বাচনত আঞ্চলিক দলসমূহৰ শক্তিৰ লক্ষণীয় উত্থান দেখা গৈছে৷ একক সংখ্যাগৰিষ্ঠ চৰকাৰ এখন গঠনৰ বাবে ২৭২খন আসনৰ প্রয়োজন৷ ২০১৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে অকলে ২৮২খন আসন লাভ কৰি দেশৰ প্রধানমন্ত্রীৰ আসনত প্রথমবাৰৰ বাবে অধিষ্ঠিত হৈছিল নৰেন্দ্র মোদী৷ এনডিএৰ অংশীদাৰ দলসমূহৰ সহযোগত মোদী চৰকাৰখন আৰু অধিক শক্তিশালী হৈ উঠিছিল৷ ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিয়ে ৩০৩খন আসন লাভ কৰি দেশৰ ৰাজনীতিত অধিক শক্তিৱন্ত হৈছিল৷ সদ্যসমাপ্ত লোকসভা নির্বাচনত বিজেপিয়ে ৪০০খন আসনত জয়ৰ লক্ষ্যৰে যুঁজত নামিছিল যদিও দলটোৱে ইপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে দলটোৱে পূর্বৰ নির্বাচনৰ তুলনাত ৬৩খন আসন হেৰুৱাই ২৪০খন আসনহে লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছে৷ দেশৰ অকংগ্রেছী চৰকাৰ গঠনৰ ক্ষেত্রত অভিলেখ স্থাপন কৰা প্রধানমন্ত্রী মোদীৰ তৃতীয় কার্যকালৰ চৰকাৰখনক লৈ বিভিন্ন আশংকা প্রকাশ হৈছে৷ এনে আশংকাৰ মূল কাৰক হৈছে ঘাইকৈ নীতিশ কুমাৰ নেতৃত্বাধীন জেডি(ইউ) আৰু চন্দ্রবাবু নাইডু নেতৃত্বাধীন টিডিপিৰ অংশগ্রহণক লৈ৷ কিন্তু এনে আশংকাৰ বিশেষ গুৰুত্ব আছে বুলি ক’ব নোৱাৰি৷ ১৯৮৯ত ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্রেছে চৰকাৰ গঠনৰ সমস্যাত দলটোৰ ১৯৭গৰাকীহে সাংসদ আছিল৷ ১৯৯১ৰ লোকসভা নির্বাচনত ২৩২খন আসন লাভ কৰি প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত কংগ্রেছে চৰকাৰ গঠন কৰিছিল৷ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে প্রথমবাৰৰ বাবে ১৯৯৬ত দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়ত বিজেপিৰ সাংসদ আছিল ১৬১গৰাকী৷ বাজপেয়ীয়ে ১৯৯৮ত দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী হোৱাৰ সময়ছোৱাত দলটোৰ মুঠ সাংসদৰ সংখ্যা আছিল ১৮২গৰাকী৷ ২০০৪ৰ লোকসভা নির্বাচনত কংগ্রেছে মাথোঁ ১৪৫খন আসন লাভ কৰিয়ে ড০ মনমোহন সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল৷ প্রধানমন্ত্রী ড০ সিঙৰ ২০০৯ত একেৰাহে দ্বিতীয়বাৰৰ বাবে কংগ্রেছে ক্ষমতা লাভ কৰাৰ সময়ত দলটোৰ সাংসদ আছিল ২০৬গৰাকী৷ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত বিজেপিৰ ২৪০গৰাকী নিজ দলৰ সাংসদৰ উপৰি এনডিএৰ অংশীদাৰ দলসমূহৰ সাংসদ ২৯৪গৰাকী আছে৷ এনে অৱস্থাত চৰকাৰখনৰ স্থায়িত্বক লৈ প্রশ্ণ উত্থাপন হোৱাৰ গ্রহণযোগ্য যুক্তি থাকিব নোৱাৰে৷ ৰাজনৈতিক মতাদর্শৰ সংঘাত থকা লোকে এনে আশংকা বিয়পাই দেশত এক অস্থিৰতাৰ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাটো নতুন কথা নহয়৷ কিন্তু এনে আশংকাৰ যে বাস্তৱ ভিত্তি নাই সেয়া নিশ্চিতভাৱে আগন্তুক দিনত প্রতিপন্ন হ’ব৷ কিয়নো মিত্রতাৰ ৰাজনীতি দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হৈ উঠিছে৷ আঞ্চলিক দলসমূহেও উপলব্ধি কৰিছে যে সর্বভাৰতীয় ৰাজনৈতিক দলৰ স’তে মিত্রতা অবিহনে ক্ষমতা দখলৰ ৰাজনীতি বর্তাই ৰখাটো সম্ভৱ নহয়৷ এনে পৰিস্থিতিত মিত্রতাৰ ৰাজনীতিয়ে আগন্তুক দিনত নতুন মাত্রা বহন কৰাৰ আশা প্রকট হৈছে৷