নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকাৰ প্রতাৰণা : মটৰ চাইকেলত পুতলা লৈ ঘূৰিলে যুৱকে

🔹 ব্যর্থ প্রেমিকৰ আজৱ কাণ্ড

বিশেষ বাৰ্তা, ১৯ জুন : প্রায় ৪ বছৰীয়া প্রেমত প্রতাৰণা৷ প্রেমিকাই প্রতাৰণা কৰাৰ পিছত দুখত ভাগি পৰে যুৱক৷ পশ্চিমবংগৰ মুর্ছিদাবাদৰ এই যুৱকে প্রেমিকাৰ প্রতাৰণাৰ দুখ পাহৰিবলৈ আজৱ কাণ্ড কৰি দেখুৱাইছে৷ এইবাৰ নিজৰ সংগী হিচাপে বাছি লৈছে এটা পুতলা পৰহি পুতলা ‘প্রেমিকা’ক মটৰচাইকেলৰ পিছত বহুৱাই চহৰত ঘূৰি ফুৰিলে যুৱকজনে৷ বিদ্যুৎ মণ্ডল নামৰ মুর্ছিদাবাদৰ সাগৰপাৰাৰ জয়পুৰ অঞ্চলৰ যুৱকজনৰ এনে কার্যক লৈ চকু কপালত উঠিছে একাংশৰ৷ পথত এনেদৰে পুতলা প্রেমিকাক মটৰচাইকেলেৰে ঘূৰাই মানুহৰ দৃষ্টি আকর্ষণ কৰিছে বিদ্যুৎ মণ্ডলে৷ একাংশই অৱশ্যে এই ঘটনাক লৈ ৰসিকতাও কৰিছে৷ দূৰৈৰ পৰা দেখিবলৈ এংলো ইণ্ডিয়ান কোনো যুৱতী যেন লাগে এই পুতলাটোক৷ কিন্তু ভালদৰে লক্ষ্য কৰিলে বুজিব পাৰি যে এয়া এটা প্লাষ্টিকৰ পুতলা৷ এই পুতলাই এতিয়া প্রেমিকা বিদ্যুতৰ৷ কোনো যুৱতীক এনে মটৰ চাইকেলৰ পিছত ভৱিষ্যতে নবহায় বুলি ঘোষণা কৰিছে বিদ্যুৎ মণ্ডলে৷ ইয়াৰ পৰিৱর্তে প্লাষ্টিকৰ এই পুতলাকেই প্রেমিকাৰ মর্যাদা দিব বুলিও উল্লেখ কৰিছে বিদ্যুতে৷

You might also like