নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ এইটৰ পূর্বে আঘাতৰ সমস্যাত টীম ইণ্ডিয়া 

বিশেষ বাৰ্তা, ১৯ জুন : টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত ভাগ লোৱাৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে৷ বার্বাডোজত পূর্ণগতিত অনুশীলন চলাই থকাৰ সময়তে ভাৰতীয় দলটোৰ তাৰকা বেটাৰ সূর্য কুমাৰ যাদৱ আঘাতপ্রাপ্ত হয়৷ অনুশীলনৰ সময়ত সূর্য কুমাৰে হাতত আঘাত পায়৷ অৱশ্যে বেটাৰগৰাকীৰ আঘাত বিশেষ গুৰুতৰ নহয়৷ বৃহস্পতিবাৰে আফগানিস্তানৰ বিপক্ষে খেলিবলগীয়া ছুপাৰ এইটৰ মেচখনত সূর্য কুমাৰে অংশগ্রহণ কৰিব পাৰিব৷ সোমবাৰে ভাৰতীয় দলটোৱে বার্বাডোজত দীর্ঘ সময় ধৰি অনুশীলন কৰে৷ দলটোৰ তাৰকা বেটাৰ সূর্য কুমাৰে বেটিং অনুশীলন কৰি থকাৰ সময়তে হাতত বলে আঘাত কৰে৷ অৱশ্যে কিছু সময় জিৰণি লোৱাৰ পিছত সূর্য কুমাৰে পুনৰ বেটিং অনুশীলন কৰে৷ বেটিং অনুশীলনত বেটাৰগৰাকীয়ে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই৷ ফলত বৃহস্পতিবাৰে ছুপাৰ এইটৰ মেচত খেলাটো নিশ্চিত হৈ পৰে সূর্য কুমাৰৰ৷

You might also like