নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালী চহৰত আবদ্ধ ৫৮ ভাৰতীয় শিক্ষার্থী

কভিড–১৯ শংকাঃ ইৰানত কেৰালাৰ ৩০ মাছমৰীয়াঃ বৈদেশিক মন্ত্রীক পত্র থাৰুৰ

নিয়মীয়া বাৰ্তা, ৩ মার্চঃ কভিদ–১৯ত শংকাময় পৰিৱেশ সৃষ্টি কৰা ইটালীত আবদ্ধ হৈ আছে ৫৮জন ভাৰতীয় শিক্ষার্থী ৷ দেশখনৰ পৰা বিমান সেৱা বন্ধ হোৱাৰ পৰিপ্রেক্ষিতত পাভিয়া বিশ্ববিদ্যালয় চহৰত আবদ্ধ হৈ থকা ভাৰতীয় ৫৮জন ভাৰতীয় শিক্ষার্থীয়ে এছ অ’ এছ যোগে শীঘ্রে তেওঁলোকক দেশলৈ ওভতাই নিবলৈ আহ্বান জনাইছে৷ পাভিয়া বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিং বিভাগত কভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত হাহাকাৰ লাগিছে ভাৰতীয় শিক্ষার্থীৰ মাজত৷ এই শিক্ষার্থীৰ ভিতৰত তেলেংগনাৰ ২৫, কর্ণাটকৰ ২০, তালিনাডুৰ ১৫, কেৰালাৰ ৪, দিল্লীৰ ২, ৰাজস্থান–গুড়গাঁও আৰু ডেৰাদুনৰ এজনকৈ আছে৷ ইপিনে, সংহাৰি ৰূপ লোৱা ইৰানত আবদ্ধ হৈ থকা ৩০জন কেৰালাৰ মাছমৰীয়াক শীঘ্রে দেশলৈ ওভতাই আনিবলৈ বৈদেশীমন্ত্রী এছ জয়শংকৰক পত্রযোগে আহ্বান জনাইছে কংগ্রেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে ৷

You might also like