নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশ্চর্য… দক্ষিণ কোৰিয়াত আত্মহত্যা ৰবটৰ !

বিশেষ বাৰ্তা, ৬ জুলাই : মানুহেই নহয়, অত্যধিক কামৰ চাপত ৰবটে আত্মহত্যা কৰে! এই অবিশ্বাস্য ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াৰ গুমি চিটী কাউঞ্চিলত৷ আশ্চর্যজনক এই ঘটনাটোক লৈ দক্ষিণ কোৰিয়াত আৰম্ভ হৈছে ৰাষ্ট্রীয় বিতর্ক৷ বিভিন্ন মহলে অত্যধিক কামৰ বাবে নিষ্ক্রিয় হৈ পৰা ৰবটৰ এই প্রক্রিয়াক ‘আত্মহত্যা’ আখ্যা দিছে৷ চিটী কাউঞ্চিলৰ প্রাসাদৰ দ্বিতীয় আৰু তৃতীয় মহলাৰ ছিৰিত হঠাতে ৰবটটোৱে অদ্ভুত আচৰণ কৰিবলৈ ধৰে৷ প্রত্যক্ষদর্শীয়ে উল্লেখ কৰা অনুসৰি ৰবটটোৱে কোনোধৰণৰ নির্দিষ্ট দিশত অগ্রসৰ হোৱাৰ বিপৰীতে উন্মাদৰ দৰে ইফাল–সিফাল কৰিবলৈ ধৰে৷ পৰহি বিয়লি ৪ বজাত সংঘটিত হৈছে এই ঘটনা৷ এই ঘটনাক লৈ ৰবটক দিয়া কামৰ বোজা সন্দর্ভত বিভিন্ন মহলে প্রশ্ণ তুলিছে৷ গুমি চিটী কাউঞ্চিলৰ প্রশাসনীয় বিষয়া হিচাপে ৰবটটোক দায়িত্বত ৰখা হৈছিল৷

You might also like