নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ু প্রদূষণত বছৰি ১২ হাজাৰৰ মৃত্যু দিল্লীত

বিশেষ বাৰ্তা, ৭ জুলাই : ভাৰতৰ ১০খন চহৰৰ বায়ু প্রদূষণক লৈ দ্য লানছেটে প্রকাশ কৰা গৱেষণামূলক প্রতিবেদনত উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ প্রতিবেদন মতে, ভাৰতৰ দহখন চহৰত পিএম ২.৫ৰ পর্যায় বৃদ্ধিৰ পৰিপ্রেক্ষিতত বছৰি ৩৩ হাজাৰ লোকৰ মৃত্যু ঘটে৷ ইয়াৰে ভিতৰত দেশৰ ৰাজধানী দিল্লীত বছৰি ১২ হাজাৰ লোকৰ মৃত্যু হয়৷ বায়ুত পিএম ২.৫ৰ বৃদ্ধি পালে মানৱ স্বাস্থ্যৰ বিস্তৰ ক্ষতিসাধন হয়৷ প্রধানতঃ হাঁওফাঁও আৰু ৰক্তপ্রৱাহিকাত পিএম ২.৫য়ে নেতিবাচক প্রভাৱ পেলোৱাত মৃত্যুমুখত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, পিএম ২.৫ৰ মাত্রা বায়ুত অধিক হ’লে মানৱীয় স্বাস্থ্যত প্রচণ্ড আঘাত পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্রতি ঘনমিটাৰত ১৫ মাইক্র’গ্রাম স্বাস্থ্যৰ বাবে সুৰক্ষিত যদিও পিএম ২.৫ৰ মাত্রা বেছি হ’লে এই সুৰক্ষিত পর্যায়টো অতিক্রম কৰে৷ ফলত মানুহ মৃত্যুমুখত পৰিবলগীয়া হয়৷ পিএম ২.৫ প্রধানতঃ যান–বাহন আৰু ঔদ্যোগিক পামৰ পৰা নির্গমন হয়৷ এনে কাৰণতে মানুহ মৃত্যুমুখত পৰে৷ মন কৰিবলগীয়া যে এজন লোকে ক্ষণিক সময়ৰ বাবে পিএম ২.৫ বৃদ্ধি পোৱা বায়ু সেৱন কৰিলেও ভয়াৱহ ক্ষতিৰ সন্মুখীন হয়৷ দেশৰ ৰাজধানী দিল্লীকে ধৰি ভাৰতৰ ১০খন চহৰত লানছেটে চলোৱা অধ্যয়নত পিএম ২.৫ৰ মাত্রা অধিক পাইছে আৰু এই চহৰকেইখনত বছৰি বায়ু প্রদূষণৰ বাবে প্রাণ হেৰুওৱা লোকৰ সংখ্যা আন চহৰতকৈ অধিক৷ তাৎপর্যপূর্ণ যে পিএম ২.৫ৰ মাত্রা বায়ুত অধিক হ’লে শিশু আৰু বয়োজ্যেষ্ঠ লোক শ্বাস–প্রশ্বাসজনিত সমস্যাত ভোগে৷ ইয়ে পিছলৈ ৰোগাক্রান্ত কৰি মৃত্যুমুখলৈ ঠেলি দিয়ে৷

You might also like