নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাময়িকভাৱে বাতিল অমৰনাথ যাত্রা

🔹 প্রবল বৰষুণৰ বাবেই দুয়োপিনৰ পৰা যাত্রা বন্ধ

বিশেষ বাৰ্তা, ৭ জুলাই : জম্মু–কাশ্মীৰৰ গুহাস্থিত পৱিত্র ধর্মপীঠ অমৰনাথ যাত্রা সাময়িকভাৱে বাতিল কৰা হৈছে৷ প্রবল বৰষুণৰ বাবে অমৰনাথৰ যাত্রা দুয়ো পথতে বাতিল কৰা হৈছে বুলি কালি কর্তৃপক্ষই প্রকাশ কৰিছে৷ উল্লেখ্য যে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত যোৱা ২৯ জুনত অমৰনাথ যাত্রা আৰম্ভ হৈছিল৷ কিন্তু প্রবল বৰষুণৰ বাবে তীর্থযাত্রীৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি এই যাত্রা সাময়িকভাৱে বাতিল কৰা হৈছে৷ উল্লেখ্য যে ৩,৮০০ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথ গুহা দর্শনৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ পৰা লক্ষাধিক ভক্তই বিগত বছৰ বছৰ ধৰি এই অমৰনাথ যাত্রাত অংশগ্রহণ কৰি আহিছে৷ এইবেলিও ২৯ জুনৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্রাৰ বাবে ভক্তই ভিৰ কৰিছে৷ যাত্রাৰ সামৰণি পৰে ১৯ আগষ্টত৷

You might also like