নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি কৰাৰ পাছত ক্ষমা বিচাৰি গৃহস্থলৈ পত্র চোৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জুনঃ ঘৰত অসুস্থ প্রিয়জন চিকিৎসা কৰাবলৈ গৈ ঘৰৰ সকলো বস্তু বিক্রী কৰিবলগীয়া হৈছে৷ সেইবাবে অভাৱৰ তাড়নাত বাধ্য হৈ চৌর্যবৃত্তি গ্রহণ কৰিবলগীয়া হৈছে৷ কিন্তু আনৰ ধন লুট কৰি ক্ষমা বিচাৰি পত্র লিখি গ’ল চোৰে৷ নিজৰ কৰুণ অৱস্থাৰ কথা বর্ণনা কৰি এই পত্রত চোৰে আশ্বাস দি গ’ল যে সঠিক সময়ত চুৰিৰ সমস্ত টকা ওভতাই দি যাব৷ আজব চুৰিৰ ঘটনাক লৈ তদন্তত নামি অবাক হৈছে আৰক্ষী৷ ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ টুটিকোৰিনত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ৭৯ বছৰ বয়সীয়া চিথিৰাই ছেলভিনৰ ঘৰত চুৰি হৈছে৷ ছেলভিন আৰু তেওঁৰ পত্নী দুয়ো শিক্ষকতা বৃত্তিত জড়িত আছিল যদিও এতিয়া অৱসৰ গ্রহণ কৰিছে৷ তেওঁলোকৰ ৪ সন্তান আছে৷ কিন্তু ঘৰত থাকে বৃদ্ধ দম্পতীহে৷ তেওঁলোকৰ ঘৰত সহায় কৰাৰ বাবে আহে এগৰাকী পৰিচাৰিকাও৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি যোৱা ১৭ জুনত চেন্নাইত থকা পুত্রৰ ঘৰলৈ গৈছিল পিতৃ–মাতৃ৷ তাৰ পিছদিনাখন ছেলভিনৰ ঘৰলৈ গৈ পৰিচাৰিকাগৰাকীয়ে দেখে যে দুৱাৰৰ তলা ভঙা৷ লগে লগে পৰিচাৰিকাগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে আহি দেখা পায় যে ঘৰত থকা বিভিন্ন সামগ্রী চোৰে লৈ গৈছে৷ ছেলভিনৰ সৈতে কথা পতাৰ পাছত আৰক্ষী নিশ্চিত হয় যে চোৰে প্রায় ৬০ হাজাৰ টকা চুৰি কৰি নিছে৷ ইয়াৰ উপৰি দুযোৰ সোণৰ কাণফুলি আৰু ৰূপৰ নূপুৰো চোৰে লৈ যায়৷ চুৰি হোৱা সামগ্রীৰ সন্ধান কৰিবলৈ গৈ এখন পত্রত নজৰ পৰে আৰক্ষীৰ৷ খামৰ ভিতৰৰ পৰা চিঠিখন উলিয়াই আৰক্ষীয়ে পঢ়ি হতবাক হৈ পৰে৷ চিঠিখনত লিখা আছে যে এই চুৰিকার্যৰ বাবে ক্ষমা কৰিব লাগে৷ এমাহৰ ভিতৰতে চুৰি হোৱা সামগ্রীৰ মূল্য ওভতাই দিয়া হ’ব বুলিও চোৰে প্রতিশ্রুতি দিয়ে৷ ঘৰৰ এজন সদস্যৰ অসুস্থতাৰ বাবে এই চৌর্যবৃত্তি গ্রহণ কৰিবলগীয়া হোৱা বুলিও পত্রখনত চোৰে লিখি যায়৷ এই মহান চোৰে অৱশ্যে এতিয়ালৈকে গৃহস্থক কোনো সামগ্রীৰ মূল্য ওভতাই দিয়া নাই৷

You might also like