নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰ বিজয়ী টাইটানিকৰ প্রযোজক জন লাণ্ডাউৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জুনঃ অস্কাৰ বিজয়ী হলীউডৰ প্রযোজক জন লাণ্ডাউৰ দেহাৱসান ঘটিছে৷ উল্লেখনীয় যে অতি জনপ্রিয় ছবি ‘টাইটানিক’, ‘অৱতাৰ’ আদি ছবিৰ প্রযোজক আছিল জন লাণ্ডাউ৷ ৬৩ বছৰীয়া ছবি প্রযোজকগৰাকী আছিল প্রখ্যাত চলচ্চিত্র পৰিচালক জেমছ কেমেৰুনৰ দীর্ঘদিনীয়া বন্ধু৷ উল্লেখনীয় যে এবছৰতকৈ অধিক কাল ধৰি কর্কট ৰোগত আক্রান্ত হৈ আছিল জন লাণ্ডাউ৷ যোৱা শুকুৰবাৰে লাণ্ডাউৰ দেহাৱসান ঘটে বুলি তেওঁৰ ভগ্নী টিনাই ছ’চিয়েল মিডিয়াত সদৰী কৰিছে৷ উল্লেখনীয় যে হলীউডৰ প্রযোজক এলি আৰু এডি লাণ্ডাউৰ সন্তান আছিল জন লাণ্ডাউ৷ চলচ্চিত্র কোম্পানী এটাৰ কার্যবাহী বিষয়া হিচাপে দীর্ঘদিন কাম কৰিছিল জন লাণ্ডাৱে৷ উল্লেখনীয় যে জেমছ কেমেৰুনক ১৯৯৭ চনত ‘টাইটানিক’ ছবি নির্মাণৰ ক্ষেত্রত বিশেষভাৱে সহায় কৰিছিল লাণ্ডাউৱে৷ উল্লেখনীয় যে বিশ্বজুৰি এই ছবিখনে ১০০কোটি ডলাৰতকৈ অধিক ধন অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছতে ‘অৱতাৰ’ আৰু ‘অৱতাৰঃ দ্য ৱে অৱ ৱাটাৰ’ ছবিত প্রযোজনা কৰিছিল লাণ্ডাউৱে৷ উল্লেখনীয় যে অন্য কেইবাখনো জনপ্রিয় ছবিৰ সহঃ প্রযোজকৰ দায়িত্বও গ্রহণ কৰিছিল লাণ্ডাউৱে৷ জন লাণ্ডাউৰ বিয়োগত হলীউডত শোকৰ ছাঁ পৰিছে৷ হলীউডৰ কলা-কুশলীসকলৰ লগতে পৰিচালকসকলে লাণ্ডাউৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ উল্লেখনীয় যে বহু জনপ্রিয় ছবিৰ আঁৰৰ মানুহ জন লাণ্ডাউ আছিল বুলিও হলীউডৰ কেইবাগৰাকীও প্রযোজকে মন্তব্য কৰিছে৷

You might also like