নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিটা বিশ্বকাপ জয়ী ভাৰতীয় দলক বিচিচিআয়ে কিমান মাননি দিলে জানেনে…

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জুনঃ ভাৰতীয় দলে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ লাভ কৰে। এই বিজয়ৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াক ১২৫ কোটি টকাৰ পুৰস্কাৰ ধন দিয়াৰ কথা ঘোষণা কৰিছিল। বিশ্বকাপ বিজয়ী দল ভাৰতক এতিয়ালৈকে বিচিচিআইয়ে দিয়া সৰ্বোচ্চ পুৰস্কাৰৰ ধন আছিল এয়া। টীম ইণ্ডিয়াই এতিয়ালৈকে চাৰিবাৰ (দুটা টি-২০ আৰু দুটা এদিনীয়া) বিশ্বকাপ জয় কৰিছে, যাৰ প্ৰথম খিতাপ ১৯৮৩ চনত লাভ কৰিছিল। গতিকে প্ৰতিবাৰেই টীম ইণ্ডিয়াই কিমান পুৰস্কাৰ লাভ কৰিছিল জানক। ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে ১৯৮৩ চনত এদিনীয়া বিশ্বকাপ জয় কৰিছিল। এই খিতাপ আহিছিল কপিল দেৱৰ অধিনায়কত্বত। এই সময়ত বি চি চি আইৰ অৱস্থা অতি বেয়া আছিল। বিজয়ী দলৰ খেলুৱৈক পুৰস্কাৰ দিবলৈ ব’ৰ্ডৰ হাতত ধন নাছিল। বিখ্যাত গায়িকা লতা মংগেশকাৰে কপিল দেৱৰ দলটোক পুৰস্কাৰৰ ধন দিবলৈ এটা শ্ব’ কৰি ধন সংগ্ৰহ কৰিছিল। লতা মংগেশকাৰৰ শ্ব’ৰ পৰা সংগ্ৰহ কৰা ধনৰ পুৰস্কাৰ হিচাপে বিজয়ী দলৰ খেলুৱৈসকলক ১ লাখ টকাকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছত ২০০৭ চনত টীম ইণ্ডিয়াই দ্বিতীয় বিশ্বকাপ খিতাপ দখল কৰে। টি-২০ বিশ্বকাপৰ এইটোৱেই আছিল প্ৰথম সংস্কৰণ, য’ত এম এছ ধোনীৰ অধিনায়কত্বত মেন ইন ব্লু দলে খিতাপ দখল কৰিছিল। এই জয়ৰ বাবে বিচিচিআইয়ে টীম ইণ্ডিয়াক ১০ কোটি টকাৰ পুৰস্কাৰ দিছিল। দলৰ উপৰি ছটা ছয় মৰা যুৱৰাজ সিঙক এক কোটি টকাৰ সুকীয়া পুৰস্কাৰ দিয়া হয়। ২০১১ চনত এদিনীয়া বিশ্বকাপৰ দ্বিতীয় খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই। এম এছ ধোনীৰ অধিনায়কত্বত ভাৰতে এই জয় লাভ কৰিছিল। এই বিজয়ৰ পিছত ইণ্ডিয়ান ব’ৰ্ড অৰ্থাৎ বি চি চি আইয়ে টীম ইণ্ডিয়াক ৩৯ কোটি টকাৰ পুৰস্কাৰ দিছিল। এই পুৰস্কাৰৰ ধনেৰে দলৰ সকলো খেলুৱৈয়ে ২ কোটি টকাকৈ লাভ কৰে। বাকী থকা ধন প্ৰশিক্ষক, কৰ্মচাৰী আৰু নিৰ্বাচকসকলৰ মাজত বিতৰণ কৰা হয়। ২০২৪ চনত টি-২০ বিশ্বকাপৰ দ্বিতীয় খিতাপ দখল কৰে টীম ইণ্ডিয়াই। এই বিজয়ৰ পিছত বিচিচিআইয়ে টীম ইণ্ডিয়াক ১২৫ কোটি টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে এই জয় লাভ কৰে।

You might also like