নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাক গর্ভৱতী কৰিব পাৰিলেই লাখ টকা উপার্জন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ চাকৰিৰ বজাৰত চলি আছে বৰ আকাল নিবনুৱাৰে ভৰা দেশত এইবাৰ আহিল অভিনৱ কামৰ ‘প্রলোভন’৷ এই কামৰ বাবে লাগে মাথোঁ সক্ষম পুৰুষ৷ মহিলাসকলক গর্ভাৱতী কৰিব পাৰিলেই লাখ লাখ টকা উপার্জনৰ সুর্যোগ পাব কর্মহীন যুৱকসকলে৷ ছ’চিয়েল মিডিয়াত এনেধৰণৰ বিজ্ঞাপন দি প্রতাৰণাৰ চেষ্টা চলাইছিল এটা চক্রই৷ বিষয়টো নজৰত পৰাৰ লগে লগে সক্রিয় হৈ পৰে আৰক্ষী৷ গ্রেপ্তাৰ কৰা হয় দুজনক৷ হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হৈছে এই ঘটনা৷ ছ’চিয়েল মিডিয়াত এই বিজ্ঞাপন ভাইৰেল হৈ পৰে৷ বিজ্ঞাপনটোত দাবী কৰা হয় যে মহিলাসকলক গর্ভৱতী কৰিব পাৰিলেই লাখ লাখ টকা প্রদান কৰা হ’ব৷ যিসকল মহিলাই সন্তান জন্ম দিবলৈ সক্ষম হোৱা নাই, তেনে মহিলাসকলক গর্ভৱতী কৰিলে লাখ লাখ টকা দিয়া হ’ব বুলি অপৰাধী চক্রই ছ’চিয়েল মিডিয়াত বিজ্ঞাপন দিয়াৰ পিছতে হাৰিয়ানা আৰক্ষী তৎপৰ হৈ পৰে৷ সমগ্র ঘটনাৰ তদন্তত নামে আৰক্ষী৷ ইয়াৰ পিছতে বৃহৎ অপৰাধী চক্র এটা জড়িত হৈ থকা বুলি জানিব পাৰে আৰক্ষীয়ে৷ উল্লেখনীয় যে এনেধৰণৰ ভুৱা বিজ্ঞাপন দি বহু মহিলাৰ ভুৱা ছবিও ব্যৱহাৰ কৰিছিল চক্রটোৱে৷ মূলতঃ কর্মহীন যুৱকসকলেই এই অপৰাধী চক্রৰ টার্গেট আছিল৷ ধন আৰু যৌনতাৰ প্রলোভনেৰে যুৱকসকলক প্রতাৰণাৰ চেষ্টা চলাইছিল অপৰাধী চক্রটোৱে৷

You might also like