নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হিংসাত জাহ গৈছে ৭৯টা ঘৰ, ৩২৭খন দোকান

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ উত্তৰ–পূব দিল্লীত যোৱা সপ্তাহত সংঘটিত সাম্প্রদায়িক হিংসাত ৭৯টা আৱাস আৰু ৩২৭খন ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায় ৷ দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছ’দিয়াই মঙলবাৰে এখন সংবাদ মেলত এই কথা ঘোষণা কৰে ৷ তেওঁ কয় যে ৭৯টা ঘৰ জুইত জাহ যোৱাৰ লগতে ১৬৮গৰাকী ব্যক্তি ঘৰ জ্বলোৱাৰ সময়ত আঘাতৰ সন্মুখীন হয় ৷ একেদৰে এইপর্যন্ত দিল্লীৰ হিংসাত ৪১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলিও ছিছ’দিয়াই জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী চৰকাৰৰ আন মন্ত্রীসকলে পৰিস্থিতিৰ বুজ ল’বলৈ গ্রাউণ্ডত আছে বুলি উল্লেখ কৰি উপ–মুখ্যমন্ত্রীগৰাক্ কয় যে হিংসাত প্রাণ যোৱাসকলৰ পৰিয়ালবর্গই ২৫ লাখকৈ টকাৰ আর্থিক সাহায্য লাভ কৰিব৷ সংবাদ মেলত তেওঁ লগতে কয় যে অগ্ণিকাণ্ডত সকলো তথ্যপাতি পুৰি ছাৰখাৰ হোৱা ব্যক্তিসকলক সহায় কৰিবলৈ দিল্লী চৰকাৰৰ এছডিএম কার্যালয় সাজু হৈ আছে ৷

You might also like