নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় টি-২০ত টীম ইণ্ডিয়াৰ হাতত ২৩ ৰানত পৰাস্ত জিম্বাবৱে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুলাইঃ তৃতীয়খন টি-২০ মেচত জিম্বাবুৱেক ২৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে ৫খন মেচৰ শৃংখলাত ২-১ত অগ্ৰগতি লাভ কৰিছে। প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৰ হৈ অধিনায়ক শুভমন গিলে ৬৬ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। আনহাতে, ঋতুৰাজ গাইকোৱাডে ৪৯ ৰানৰ ইনিংছ খেলে। যশস্বী জয়ছোৱালে ৩৬ ৰান সংগ্ৰহ কৰে। ফলত টীম ইণ্ডিয়াই ১৮২ ৰানৰ স্ক’ৰত উপনীত হয়। লক্ষ্যৰ পিছ লৈ জিম্বাবুৱে এইবাৰো আৰম্ভণিৰ অন্তত পৰাজয় স্বীকাৰ কৰে। জিম্বাবুৱেৰ ১৮৩ ৰানৰ লক্ষ্য আছিল যদিও দলটোৰ আৰম্ভণি ইমানেই বেয়া আছিল যে স্ক’ৰ ৩৯ ৰান হোৱাৰ সময়লৈকে আধা দল পেভিলিয়নলৈ উভতি যায়। এতিয়ালৈকে ভাল ফৰ্মত থকা ৱেছলী মাধেভেৰে মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হৈছিল। অধিনায়ক ছিকন্দৰ ৰাজাই আকৌ এবাৰ ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে। তেওঁ ভাল আৰম্ভণি কৰিছিল যদিও খেলখনৰ গতিপথ সলনি কৰিব পৰা ইনিংছ খেলিব নোৱাৰিলে। ১৬টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰাজা। এটা সময়ত জিম্বাবুৱেই ৩৯ ৰানত ৫টা উইকেট হেৰুৱাইছিল যদিও ইয়াৰ পৰা ক্লাইভ মাডাণ্ডে আৰু ডিয়ন মায়াৰ্ছে একেলগে নিজৰ কান্ধত দায়িত্ব ল’লে। দুয়োজনে বিশেষকৈ অভিষেক শৰ্মা আৰু শিৱম ডুবেকক লক্ষ্য কৰি লৈছিল। এই দুয়োজনে মিলি দলটোৰ স্ক’ৰ ৭ অভাৰত ৩৯ ৰানত ৫ উইকেটৰ পৰা ১৫ অভাৰত ১১০ ৰানলৈ বৃদ্ধি কৰে। কিন্তু ইয়াৰ পিছত জিম্বাবুৱে পুনৰ ডেথ অভাৰত বিপৰ্যয়ৰ সন্মুখীন হয়।। মাডাণ্ডে ২৬টা বলত ৩৭ ৰান আৰু মায়াৰ্ছে টি-২০ কেৰিয়াৰৰ প্ৰথম পঞ্চাশ ৰান সংগ্ৰহ কৰে। মায়াৰ্ছে ৪৯টা বলত ৬৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহিছিল যদিও দলৰ জয় নিশ্চিত কৰিব নোৱাৰিলে। জিম্বাবুৱেই জয়লাভ কৰিবলৈ শেষৰ ৫ অভাৰত ৭৩ ৰান সংগ্ৰহ কৰিব লগা হৈছিল।

You might also like