নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিৰিক্ত বোনাছ ল’বলৈ অস্বীকাৰ দ্রাবিড়ৰ

🔹 ৩ সহকাৰী প্রশিক্ষকক দিয়া ধনক লৈ অসন্তুষ্ট

বিশেষ বাৰ্তা, ১১ জুলাই : টি–২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্রিকেট ব’র্ডে ৰোহিত শর্মা বাহিনীক ১২৫ কোটি টকাৰ পুৰস্কাৰ প্রদান কৰিছে৷ ১৫জন ক্রিকেটাৰৰ দৰে প্রশিক্ষক ৰাহুল দ্রাবিড়েও লাভ কৰে ৫ কোটি টকা৷ কিন্তু তিনিজন সহকাৰী প্রশিক্ষকক দিয়া হৈছে ২.৫ কোটি টকা৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এই সিদ্ধান্তত অসন্তুষ্টি প্রকাশ কৰিলে বিদায়ী প্রশিক্ষক দ্রাবিড়ে ৷ গতিকে দ্রাবিড়ে তেওঁ লাভ কৰা পুৰস্কাৰৰ আধা ধন বিচিচিআইক ঘূৰাহ দিয়াৰ সিদ্ধান্ত লয়৷ প্রথমাৱস্থাত দ্রাবিড়ে এই পুৰস্কাৰৰ ধন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰা নাছিল৷ তেওঁৰ মতে, টি–২০ বিশ্বকাপত ভাৰতীয় দলৰ জয়ত বলিং প্রশিক্ষক পৰশ মাম্ব্রে, বেটিং প্রশিক্ষক বিক্রম ৰাথোৰ আৰু ফিল্ডিং প্রশিক্ষক টি দিলীপৰ অৱদানো কম নহয়৷ তেওঁলোকেও সম পৰিমাণৰ ধন পাব লাগে৷ ব’ৰ্ডৰ এজন বিষয়াই কয়– দ্রাবিড়ে ২.৫ কোটি টকা ঘূৰাই দিছে৷ তেওঁ বিচাৰে এই ধন চাৰিজন প্রশিক্ষকৰ মাজত সমানে ভাগ কৰা হওক৷ আমি তেওঁৰ আৱেগ, তেওঁৰ ইচ্ছাক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছোঁ৷ বর্তমান দ্রাবিড় আৰু তিনি সহকাৰী প্রশিক্ষকে লাভ কৰিছে ৩ কোটি ১২ লাখ ৫০ হাজাৰ টকা৷ এয়াই প্রথম নহয়৷ দ্রাবিড়ে ইয়াৰ পূর্বেও এনে মহানুভৱতা দেখুৱাইছে৷ ২০১৮ চনত দ্রাবিড় ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলৰ প্রশিক্ষক আছিল৷ সেইবাৰ বিশ্বকাপ জয় কৰাৰ পিছত বিচিচিআয়ে দ্রাবিড়ক ৫০ লাখ টকা আৰু সহকাৰী প্রশিক্ষকক ২০ লাখ টকা পুৰস্কাৰ হিচাপে দিয়াৰ সিদ্ধান্ত লয়৷ সেই সময়তো দ্রাবিড়ে অধিক ধন ল’বলৈ মান্তি হোৱা নাছিল৷ মুঠ ধনৰাশি সকলোৰে মাজত সমানে ভাগ কৰিবলৈ ব’ৰ্ডক অনুৰোধ জনায়৷ দ্রাবিড়ৰ এই সিদ্ধান্তত আপ্লুত হৈছে ব’ৰ্ডৰ বিষয়াসকল৷ টি–২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ পৰা পদত্যাগ কৰে দ্রাবিড়ে৷ বিচিচিআইৰ সম্পাদক জয় শ্বাহে মঙলবাৰে ভাৰতীয় দলৰ নতুন প্রশিক্ষক হিচাপে গৌতম গম্ভীৰৰ নাম ঘোষণা কৰে৷ কলকাতা নাহট ৰাইডার্ছৰ প্রাক্তন গুৰুগৰাকীয়ে আগন্তুক শ্রীলংকা ছিৰিজৰ দায়িত্ব ল’ব৷

You might also like