নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফী : পাকিস্তানলৈ নাযায় ভাৰতীয় ক্রিকেট দল

🔹 টীম ইণ্ডিয়াৰ খেল অনুষ্ঠিত হ’ব শ্রীলংকা অথবা ডুবাইত !

বিশেষ বাৰ্তা, ১২ জুলাই : পাকিস্তানলৈ গৈ চেম্পিয়নছ ট্ৰফীত খেলিবলৈ অনিচ্ছুক টীম ইণ্ডিয়া৷ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন৷ কিন্তু ৰোহিত শর্মা বাহিনীৰ চেম্পিয়নছ ট্রফীৰ মেচসমূহ শ্রীলংকা অথবা ডুবাইত অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সংবাদ প্রতিষ্ঠানৰ এক সূত্রত এই কথা সদৰী৷ যোৱা বছৰ পাকিস্তানত অনুষ্ঠিত হৈছিল এছিয়া কাপ৷ কিন্তু ভাৰতে পাকিস্তানলৈ গৈ খেলিব নিবিচৰাত প্রতিযোগিতাখন হাইব্রিড মডেলত অনুষ্ঠিত হৈছিল৷ ভাৰতৰ খেলসমূহ শ্রীলংকাত অনুষ্ঠিত হৈছিল৷ ফাইনেল মেচখনো শ্রীলংকাতে অনুষ্ঠিত হয়৷ চেম্পিয়নছ ট্ৰফীতো একেই হোৱাৰ সম্ভাৱনা আছে৷ বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ প্রতিষ্ঠানৰ আগত কয় যে ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায়৷ আইচিচিক ভাৰতৰ মেচসমূহ ডুবাই বা শ্রীলংকালৈ স্থানান্তৰ কৰিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে ৮খন দেশৰ মাজত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ২০২৫ চনৰ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৯ মার্চত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে পাকিস্তান ক্রিকেট ব’র্ডে এই প্রতিযোগিতাৰ সূচী ঘোষণা কৰিছে৷ পাকিস্তান ব’র্ডে প্রস্তুত কৰা সূচী অনুসৰি, লাহোৰত ৭খন খেল অনুষ্ঠিত হোৱাৰ কথা৷ ইয়াৰ উপৰি ৰাৱালপিণ্ডিত পাঁচখন আৰু কৰাচীত তিনিখন খেল অনুষ্ঠিত হোৱাৰ কথা৷ অহা ১ মার্চত লাহোৰত ভাৰত–পাকিস্তানৰ খেল অনুষ্ঠিত হোৱাৰ কথা৷ অৱশ্যে এই সূচী এতিয়াও প্রকাশ হোৱা নাই৷ ২০০৮ চনৰ পৰা পাকিস্তানত ক্রিকেট খেলা নাই ভাৰতে৷ ২০১২–১৩ চনৰ পিছত এই দুয়োখন দেশে দ্বিপাক্ষিক শৃংখলাত ভাগ লোৱা নাই৷ যোৱা বছৰ ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ যোৱা নাছিল যদিও বাবৰ আজম বাহিনীয়ে ভাৰতলৈ আহিছিল বিশ্বকাপ খেলিবলৈ৷ টীম ইণ্ডিয়াই চেম্পিয়নছ ট্রফীৰ বাবে পাকিস্তান ভ্রমণ কৰিব নে নাই, চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্রীয় চৰকাৰে৷ সূত্র অনুসৰি ভাৰতীয় দলটোৱে পাকিস্তানলৈ গৈ খেলাৰ সম্ভাৱনা ক্ষীণ৷ এই বিষয়টো আইচিচিৰ পৰৱর্তী বৈঠকত আলোচনা কৰা হ’ব৷

You might also like